মুখ্যপৃষ্ঠা »খবৰ »অসম »শৰাইঘাটৰ ৰণত নাছিল বাঘ হাজৰিকা, মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া অসমীয়া খিলঞ্জীয়া মুছলমানৰ?

শৰাইঘাটৰ ৰণত নাছিল বাঘ হাজৰিকা, মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া অসমীয়া খিলঞ্জীয়া মুছলমানৰ?

বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত কমিটি গঠন কৰি বাঘ হাজৰিকা বিষয়ত গৱেষণা কৰিবলৈ দাবী অসমীয়া খিলঞ্জীয়া মুছলমানৰ

বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত কমিটি গঠন কৰি বাঘ হাজৰিকা বিষয়ত গৱেষণা কৰিবলৈ দাবী অসমীয়া খিলঞ্জীয়া মুছলমানৰ

বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত কমিটি গঠন কৰি বাঘ হাজৰিকা বিষয়ত গৱেষণা কৰিবলৈ দাবী অসমীয়া খিলঞ্জীয়া মুছলমানৰ

  • Share this:

শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল বাঘ হাজৰিকাই ৷ অসম বুৰঞ্জীৰ পৃষ্ঠাত বাঘ হাজৰিকাৰ কোনো চৰিত্ৰ নাই ৷ এয়া মাথোঁ কাল্পনিক ৷ দুদিন পূৰ্বে এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷


লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ মাজতে প্ৰাসংগিক হৈ উঠিছিল বাঘ হাজৰিকাৰ প্ৰসংগও ৷ কিন্তু হাজৰিকাৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হোৱাত তথা মুখ্যমন্ত্ৰীৰ আসনৰ পৰাও এনে প্ৰশ্ন অহাত এতিয়া সৰৱ হৈ উঠিছে অসমীয়া খিলঞ্জীয়া মুছলমান ৷


প্ৰাক্তন মন্ত্ৰী চামচুল হুদা, অধ্যাপক আবু নাছেৰ চৈয়দ, পয়নুৰুদ্দিন আহমেদ, অসমীয়া মুছলিম পৰিষদৰ নুৰ মহম্মদকে ধৰি বাঘ হাজৰিকা গৱেষণা মঞ্চৰ কাজি নেকিব আহমেদে অসমীয়া খিলঞ্জীয়া মুছলমানৰ হৈ সম্বোধন কৰা সংবাদমেলত এই কথা প্ৰকাশ কৰে।


তেওঁলোকে উল্লেখ কৰে যে হিন্দু-মুছলিম, মন্দিৰ-মছজিদ কৰাৰ লক্ষ্য বিজেপিৰ৷ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই খিলঞ্জীয়া মুছলমানৰ দাবী বুৰঞ্জীবিদ ভূৱন চন্দ্ৰ সন্দিকৈৰ "অসমৰ মুছলমান" গ্ৰন্থত বাঘ হাজৰিকাৰ কথা উল্লেখ আছে ৷ শৰাইঘাটৰ যুদ্ধত ইছমাইল চিদ্দিকি নামৰ এজন পালি সেনাপতি আছিল ৷ যিগৰাকী সেনাপতিক স্বৰ্গেদেৱে বাঘ হাজৰিকা উপাধি প্ৰদান কৰিছিল। ইমানে নহয়, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ লেখাটো বাঘ হাজৰিকাৰ কথা উল্লেখ আছে ৷ কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ এনে মন্তব্য ৰহস্যঘন বুলি উল্লেখ কৰে ৷ বিশ্ববিদ্যালয়ৰ তত্ত্বৱধানত কমিটি গঠন কৰি বাঘ হাজৰিকা বিষয়ত গৱেষণা কৰিবলৈ দাবী অসমীয়া খিলঞ্জীয়া মুছলমানৰ।

শেহতীয়া বাতৰি