সংকটত মাতৃভাষা! বিলুপ্ত হোৱাৰ পথত ১৬৪ খন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়!

অভিযোগ অনুসৰি শিক্ষা বিভাগে গ্ৰহণ কৰা বিদ্যালয় একত্ৰীকৰণৰ ফলত বিলুপ্ত হোৱাৰ পথত চৰকাৰী প্ৰাথমিক বিদ্যালয়!

news18assam
Updated:July 6, 2019, 8:58 AM IST
সংকটত মাতৃভাষা! বিলুপ্ত হোৱাৰ পথত ১৬৪ খন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়!
অভিযোগ অনুসৰি শিক্ষা বিভাগে গ্ৰহণ কৰা বিদ্যালয় একত্ৰীকৰণৰ ফলত বিলুপ্ত হোৱাৰ পথত চৰকাৰী প্ৰাথমিক বিদ্যালয়!
news18assam
Updated: July 6, 2019, 8:58 AM IST
বৰ্তমান সংকটৰ গৰাহত অসমীয়া ভাষা। শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাক এলাগী কৰি থকাৰ সময়তে আকৌ এবাৰ আহিছে সংকট! ক্ৰমাৎ যেন হ্ৰাস পাই আহিছে ৰাজ্যৰ চৰকাৰীখণ্ডৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা! বিদ্যালয়ত চলি থকা একত্ৰীকৰণৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে প্ৰশান্ত সিং নামৰ এগৰাকী আৰ টি আই কৰ্মী।ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা বিদ্যালয় একত্ৰীকৰণ নীতিৰ ফলত মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় ইখনৰ পিছত সিখন বিলুপ্ত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি আৰ টি আই কৰ্মী জনে কয় যে, বিগত সময়ত অসমৰ লখিমপুৰ, কাছাৰ, চিৰাং, যোৰহাট, নলবাৰীকে আদি কৰি অসমৰ ভালে কেইখন জিলাত মুঠ ৬৯১ খন প্ৰাথমিক বিদ্যালয় চৰকাৰৰ একত্ৰীকৰণৰ নীতিৰ ফলত নোহাৱা হ’ল! ফলত এতিয়া সমগ্ৰ বিষয়তোক লৈ চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ বিষয়টোক সমালোচনা কৰে আৰ টি আই কৰ্মীজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি