মাতৃভাষা মাধ্যমত শিক্ষাদান, ২০২০ পৰ্যন্ত ৫৫৬লৈ বৃদ্ধি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংখ্যা

News18 Assam | News18-Assam
Updated:February 21, 2020, 6:13 PM IST
মাতৃভাষা মাধ্যমত শিক্ষাদান, ২০২০ পৰ্যন্ত ৫৫৬লৈ বৃদ্ধি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংখ্যা
শিশু শিক্ষা সমিতিৰ দ্বাৰা অসমত বৃহৎ শৈক্ষিক কৰ্মশালা সম্পন্ন

শিশু শিক্ষা সমিতিৰ দ্বাৰা অসমত বৃহৎ শৈক্ষিক কৰ্মশালা সম্পন্ন

  • Share this:
মাতৃভাষা মাধ্যমত শিক্ষাদান কৰি অসমৰ শিক্ষা ব্যৱস্থালৈ অনবদ্য অৱদান আগবঢ়োৱা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ সংখ্যা প্ৰতিবছৰে বাঢ়ি গৈ আছে। ২০২০ চন পৰ্যন্ত ৫৫৬লৈ বৃদ্ধি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংখ্যা। ইয়াৰে ১১০ খন নিকেতন জনজাতি অঞ্চলত অৱস্থিত।

বৰ্তমান পৰিচালনাৰ সুবিধাৰ্থে অসমৰ শৈক্ষিক ক্ষেত্ৰখনক শিশু শিক্ষা সমিতি, অসমে আঠটা বিভাগ আৰু ৫৩ টা সংকুলত ভাগ কৰিছে। ২০১৯ শিক্ষাবৰ্ষত শংকৰদেৱ শিশু–বিদ্যা নিকেতনত অধ্যয়নৰত ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ১,৬৬,০১১ গৰাকী। বৰ্তমান ৮৮৪৭ গৰাকী আচাৰ্য–আচাৰ্যাই নিকেতনত নিষ্ঠাৰে আৰু সেৱা মনোবৃত্তিৰে শিক্ষা দান কৰি আছে।



উল্লেখযোগ্য যে, অসমীয়া ভাষা-সংস্কৃতি আৰু অসমৰ আন জনগোষ্ঠীয় ভাষা- সংস্কৃতিৰ সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰা শিশু শিক্ষা সমিতি,অসম এতিয়া অসমৰ অন্যতম জাতীয় সংগঠন ৰূপে পৰিগণিত হৈছে।

যোৱা ৮ আৰু ৯ ফেব্ৰুৱাৰীত আঠোটা বিভাগতে মুঠ ৯১ স্থানত বিদ্যা ভাৰতীৰ আধাৰভূত বিষয় – শাৰীৰিক, যোগ, সংগীত, সংস্কৃত, নৈতিক-আধ্যাত্মিক আৰু কেন্দ্ৰীয় আৰু অন্য বিশেষ বিষয় –স্পকেন ইংলিছ, শিশু বাটিকা, বৈদিক গণিত, বালিকা শিক্ষা, খেল, গ্ৰামীণ শিক্ষা, সংস্কাৰ কেন্দ্ৰ, বিজ্ঞান, জনজাতি শিক্ষা আদিৰ দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছিল। শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ৫৫৬ খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলে ইয়াত ভাগ লৈছিল।

শুকুৰবাৰে এখন সংবাদমেলত এই সমূহ তথ্য দাঙি ধৰাৰ লগতে, শিশু শিক্ষা সমিতি অসমে,  শ্ৰী শৈলেন্দ্ৰ পাণ্ডেক সহকাৰী প্ৰান্ত প্ৰচাৰ প্ৰমুখ, নীতিন ভাগৱতীক ছচিয়েল মিডিয়া প্ৰমুখ হিচাপে নিযুক্তি দিয়াৰ কথা, অসম শিশু শিক্ষা সমিতিৰ সভাপতি ড৹ নিৰ্মল বৰুৱাই জানিবলৈ দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading