মুখ্যপৃষ্ঠা »খবৰ »অসম »Dr. Nahendra Padun : সাহিত্যাচাৰ্য ড০ নাহেন্দ্ৰ পাদুন গুৰুতৰভাৱে অসুস্থ, আই চি ইউত চিকিৎসাধীন

Dr. Nahendra Padun : সাহিত্যাচাৰ্য ড০ নাহেন্দ্ৰ পাদুন গুৰুতৰভাৱে অসুস্থ, আই চি ইউত চিকিৎসাধীন

ড° নাহেন্দ্ৰ পাদুন 'মিচিং আগাম কেবাঙ'ৰ প্ৰাক্তন সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

ড° নাহেন্দ্ৰ পাদুন 'মিচিং আগাম কেবাঙ'ৰ প্ৰাক্তন সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

  • Share this:

ৰাজ্যৰ বিশিষ্ট সাহিত্যিক,গৱেষক সাহিত্যাচাৰ্য ড০ নাহেন্দ্ৰ পাদুন গুৰুতৰভাৱে অসুস্থ। শিৱসাগৰ প্ৰগতি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে সাহিত্যিকগৰাকী (Dr Nahendra Padun critically ill )। জানিব পৰা মতে, শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হয় ড° নাহেন্দ্ৰ পাদুনক।


উল্লেখ্য, মিচিং জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ৰ গৱেষক ৰূপে বহুল সমাদৃত এইগৰাকী সাহিত্যিকে (Litterateur Dr Nahendra Padun) কুৰিখনৰো অধিক মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰিছে। পাদুনে মাদুৰাই বিশ্ববিদ্যালয়ৰ অধীনত ভাষা বিজ্ঞান চৰ্চালৈ অশেষ অৰিহণা আগবঢ়াইছে। ড° নাহেন্দ্ৰ পাদুন 'মিচিং আগাম কেবাঙ'ৰ প্ৰাক্তন সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

শেহতীয়া বাতৰি