কলিয়াবৰত চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অসমৰ জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্ম দিৱস উদযাপনৰ আয়োজন চলিছে ৷
কলিয়াবৰত চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অসমৰ জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্ম দিৱস উদযাপনৰ আয়োজন চলিছে ৷
চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত ৰহস্য সম্ৰাটখ্যাত বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ওপজা দিন উদযাপনৰ প্ৰস্তুতি। কলিয়াবৰত চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অসমৰ জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্ম দিৱস উদযাপনৰ আয়োজন চলিছে ৷
সাহিত্য জগতৰ এক বিৰামহীন যাত্ৰাৰে বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থৰ ৰচনাৰ এক বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰহস্য সাহিত্যিকগৰাকীৰ ২৪ জুলাইত জন্ম দিৱস৷
সেই উপলক্ষে গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে এদিনীয়াকৈ কলিয়াবৰৰ চুলুং স্থিত গ্ৰীণ আচিয়ানা পেলেচত আয়োজন কৰিছে জন্ম দিৱসৰ বিশেষ আয়োজন৷
পুৱা ৯ বজাত কলিয়াবৰৰ চুলুংস্থিত গ্ৰীণ আচিয়ানা পেলেচত পূজা অৰ্চনাৰে আৰম্ভ হ’বল’গা দিনযোৰা কাৰ্যসূচীৰ এঘাৰ বজাত পতাকা উত্তোলন, ১২ বজাৰ পৰা ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত কিতাপ, তেঁও লিখা কলম আদি সংগৃহীত বস্তুৰ প্ৰদৰ্শনীৰ পাছতে এক বজাৰ পৰা মঞ্চ মুকলি, সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আয়োজকসকলে৷
সেই দিনাই ইতিপূৰ্বে অনুষ্ঠিত সদৌ অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব৷
হাইদৰ হুছেইন, দুলাল বৰা, দিলীপ বৰা, দয়ানন্দ পাঠক, জুবিন গাৰ্গ, গৰিমা গাৰ্গকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব বুলি আয়োজসকলে জানিবলৈ দিছে৷
বিভিন্ন ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণকাৰী সংগীত শিল্পী দিক্ষু, প্ৰিয়ংকা ভঁৰালী, নিতুল চাংমাই, মনিকাঞ্চন কোঁৱৰ, নয়নমনি মুৰাক প্ৰদান কৰা হ’ব ৰঞ্জু হাজৰিকা বৰেণ্য বঁটা৷ সমগ্ৰ অনুষ্ঠানতে ৰঞ্জু হাজৰিকা নিজে উপস্থিত থাকিব৷ অসমৰ প্ৰতিগৰাকী পাঠকৰ মনত ঠাই লোৱা সাহিত্যিকগৰাকীৰ এনে জন্মদিৱসৰ আয়োজনে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশাবাদী আয়োজক ফাউণ্ডেচনৰ সঞ্চালক সঞ্চালিকাদ্বয় ক্ৰমে ড° কিশোৰ হাজৰিকা আৰু স্নিগ্ধাজ্যোতি গোস্বামী৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|