• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া ছবিৰ মহানায়ক বিজু দাৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই জনালে শ্ৰদ্ধা

অসমীয়া ছবিৰ মহানায়ক বিজু দাৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই জনালে শ্ৰদ্ধা

২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ

২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ

২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ

  • Share this:
২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ। চাৰিবছৰ হ’ল বিজু দা বিহীন অসমীয়া চলচিত্ৰজগতখন। ২০১৭ চনৰ ২২ নৱেম্বৰতে চিৰ দিনৰ বাবে নোহোৱা হৈছিল অসমীয়া ছবিৰ প্ৰথমজন ছুপাৰষ্টাৰ বিজু ফুকন। ৮০ খনতকৈও অধিক অসমীয়া ছবিত অভিনয় কৰা বিজু ফুকনে ১৯৭০ চনত ব্ৰজেন বৰুৱাৰ ডা০ বেজবৰুৱা ছবিখনত প্ৰথমবাৰলৈ ভুমুকি মাৰিছিল। বোৱাৰী, অপৰূপা, পিতা–পুত্ৰ, ভাই–ভাই, বৰুৱাৰ সংসাৰ আদি অলেখ ছুপাৰ হিট ছবিত অভিনয় কৰা বিজু ফুকনৰ অন্তিমখন ছবি আছিল দ্যা আণ্ডাৰৱৰ্ল্ড।

মৃত্যুৰ আগমুহূৰ্তলৈকে অসমীয়া ছবিৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল বিজু ফুকনে। অসমীয়া ছ‍বিৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল বিজু ফুকনে। অভিনেতা যতীন বৰাৰ কেৰিয়াৰত বিজু ফুকনৰ প্ৰভাৱো আছিল যথেষ্ট, এই কথা যতীন বৰায়ো স্বীকাৰ কৰা দেখা যায়।

বিজু দাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছচিয়েল মিডিয়াত বিজু দাক স্মৰণ কৰে।





যদিও কায়িক ভাবে বিজু দা আমাৰ মাজত নাই, তথাপিও অসমীয়া ছবিলৈ বিজু দাই আগবঢ়োৱা অৱদান সদায়েই সজীৱ হৈ থাকিব অসমীয়া সমাজ জীৱনত।
First published: