உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক'ভিডত প্ৰাণ হেৰুওৱা অসমীয়া সাংবাদিকে নাপালে ক্ষতিপূৰণ

    ক'ভিডত প্ৰাণ হেৰুওৱা অসমীয়া সাংবাদিকে নাপালে ক্ষতিপূৰণ

    ক'ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাবৰ। 

    ক'ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাবৰ। 

    ক'ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাবৰ। 

    • Share this:

    মহামাৰী কোভিড-১৯ত মৃত্যু হোৱা ১৯ ৰাজ্যৰ ১২৩ গৰাকী সাংবাদিকৰ পৰিয়ালক ৬ কোটি ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্ত উদ্বেগজনক কথা যে কেন্দ্ৰই ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত উল্লেখ নাই অসমৰ সাংবাদিকৰ নাম।


    ক'ভিড-১৯ত আক্রান্ত হৈ মৃত্যু হৈছিল (died in Epidemic Covid-19) দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক (journalists) কল্যান বৰুৱা, সাংবাদিক নীলাক্ষি ভট্টাচাৰ্য আৰু গুৱাহাটীস্থিত সাংবাদিক আয়ুষ্মান দত্তৰ। কিন্তু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত নাম নাই অসমৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ।


    কি পৰিস্থিতিত অসমৰ সাংবাদিকৰ নাম ক্ষতিপূৰণৰ (compensation) তালিকাত অন্তৰ্ভুক্ত নহ'ল তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ কোনো ক'ভিড আক্রান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ পৰিয়াল যাতে বঞ্চিত নহয় সেই বিষয়ৰ প্ৰতি ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কঠোৰ দৃষ্টি ৰাখিব লাগিব। অৱশ্যে দিল্লীৰ ক'ভিড মৃতকৰ তালিকাত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱা আৰু নীলাক্ষি ভট্টাচাৰ্যৰ নাম আছে নে সেয়া এতিয়াও স্পষ্ট নহয়।


    কিন্তু ক'ভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা সাংবাদিক আয়ুষ্মান দত্তৰ নাম সাংবাদিক কল্যাণ নিধিৰ ক্ষতিপূৰণৰ তালিকাত নথকা বিষয়টো পৰিতাপৰ বিষয় বুলি গণ্য কৰে গুৱাহাটী প্ৰেছ ক্লাবে (Guwahati Press Club)। ক'ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাবৰ।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: