உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assamese Holi Geet : প্ৰখ্যাত গায়ক শংকৰ মহাদেৱনৰ কণ্ঠৰে নিগৰিল অসমীয়া হোলীগীত, আজি বৰপেটাত এই হোলীগীতে পালে শুভমুক্তি

    Assamese Holi Geet : প্ৰখ্যাত গায়ক শংকৰ মহাদেৱনৰ কণ্ঠৰে নিগৰিল অসমীয়া হোলীগীত, আজি বৰপেটাত এই হোলীগীতে পালে শুভমুক্তি

    বৰপেটাত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে গীতটো মুকলি কৰে।

    • Share this:
    দৌল মহোৎসৱৰ পূৰ্বে অসমবাসীলৈ সুখবৰ ৷ বৰপেটাৰ হোলীগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ ৷ বৰপেটাত আজি আন্তৰ্জাতিক খ্যাতিসম্পন্ন কন্ঠশিল্পী শংকৰ মহাদেৱনৰ Shankar Mahadevan) কন্ঠত বাণীবদ্ধ 'লাহে লাহে বসন্ত আহে' শীৰ্ষক এটা হোলীগীত শুভমুক্তিৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া হোলীগীতৰ বিশ্বজয়ী যাত্ৰা ৷

    বৰপেটাৰ হোলীগীতৰ (Holi Geet) সাধক প্ৰমথ ৰঞ্জন কন্টিৰ সুৰ আৰু কৃষ্ণা লহকৰৰ কথাৰে শংকৰ মহাদেৱনে গোৱা 'লাহে লাহে বসন্ত আহে' শীৰ্ষক এটা হোলীগীত আজি শুভমুক্তি দিয়া হয় ৷ বৰপেটাত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে 'লাহে লাহে বসন্ত আহে' শীৰ্ষক গীতটো মুকলি কৰে (Assamese Holi Geet) ৷

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাত আৰম্ভ কৰা দৌল মহোৎসৱে বৰপেটা সত্ৰত (Barpeta Satra) পাইছিল নৱ ৰূপ ৷ গুৰুজনাই আৰম্ভ কৰা দৌলৰ গীতৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া হোলীগীতলৈ উত্তৰণৰ এই সময়ছোৱাত বৰপেটাৰ হোলীগীতে সমগ্ৰ ৰাজ্যজুৰি বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতেই শংকৰ মহাদেৱনৰ কন্ঠত প্ৰাণ পাই উঠা বৰপেটাৰ হোলীগীতে বিশ্বজোৰা সমাদৰ লাভ কৰিব বুলিও আশা কৰা হৈছে ৷
    Published by:Gautam Barman
    First published: