• Home
  • »
  • News
  • »
  • assam
  • »
  • পথৰ কাষত পৰি ৰ'ল অসমীয়াৰ স্বাভিমান, ঐতিহ্যক অপমান বহি:ৰাজ্যৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ

পথৰ কাষত পৰি ৰ'ল অসমীয়াৰ স্বাভিমান, ঐতিহ্যক অপমান বহি:ৰাজ্যৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ

খোল নিলে চোৰে, শৰাই ভাঙিলে বুলড'জাৰে

খোল নিলে চোৰে, শৰাই ভাঙিলে বুলড'জাৰে

খোল নিলে চোৰে, শৰাই ভাঙিলে বুলড'জাৰে

  • Share this:

নামনি অসমৰ পৰা উজনি অসমলৈ যোৱাৰ সময়ত চামগুৰি বিলপাৰৰ বৃহদাকাৰৰ শৰাই, জাপি আৰু ঢোলে সকলো যাত্ৰীকে আকৰ্ষণ কৰি আহিছে। কিন্তু ফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে চামগুৰি বিলপাৰৰ এই উদ্যানখন পথ নিৰ্মাণকাৰী সংস্থাই ভঙাৰ নিৰ্দেশ দিছিল। পিছে চামগুৰিৰ ৰাইজে অসমীয়াৰ জাতীয় ঐতিহ্যৰ এই প্ৰতীকসমূহত হাতোৰা লগাই ভঙাৰ সলনি পুৰণিগুদামৰ ন-আলিমূৰৰ মিনাৰৰ আৰ্হিত স্থানান্তৰ কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছিল।


কিন্তু নগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমীয়াৰ জাতীয় সম্পদৰ ওপৰত বুলড'জাৰ চলাই ভাঙি পেলোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে চামগুৰি তথা নগাঁৱৰ ৰাইজ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাতে মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰ আৰ্হিত নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহত বুলড'জাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চামগুৰিৰ ৰাইজ।


সামাজিক মাধ্যমতো ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সংক্ৰান্তত নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাকো অভিযোগ দাখিল কৰিছে। সোমবাৰে দিনৰ ১১ বজাত মন্ত্ৰী পীয়ূষ হাজৰিকাই চামগুৰি বিলপাৰত নিজে উপস্থিত হৈ উচিত ব্যৱস্থা লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।


উল্লেখযোগ্য যে বহি:ৰাজ্যৰ পথ নিৰ্মাণকাৰী সংস্থাই শৰাই, বৰতাল, ঢোল, পেঁপা আদিৰ ওপৰত বুলড'জাৰ চলাই ভাঙি পেলোৱাৰ বিপৰীতে মাটিৰে নিৰ্মিত বৃহদাকাৰ খোলটো কোনো দুষ্ট চক্ৰই চুৰ কৰি লৈ যোৱাৰ পিছতে দেওবাৰৰ দিনটোত চামগুৰিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Published by:Gautam Barman
First published: