মুখ্যপৃষ্ঠা »খবৰ »অসম »BIHU : এই ব'হাগতে অসমৰ স্বাভিমান বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড, বাজিব নেকি লোকসভা নিৰ্বাচনৰো ৰণডংকা?

BIHU : এই ব'হাগতে অসমৰ স্বাভিমান বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড, বাজিব নেকি লোকসভা নিৰ্বাচনৰো ৰণডংকা?

২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত ১৪ এপ্ৰিলৰ এই চৰকাৰী অনুষ্ঠানৰ সুযোগ নিতান্তই বিজেপিয়ে গ্ৰহণ কৰিব ৷

২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত ১৪ এপ্ৰিলৰ এই চৰকাৰী অনুষ্ঠানৰ সুযোগ নিতান্তই বিজেপিয়ে গ্ৰহণ কৰিব ৷

২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত ১৪ এপ্ৰিলৰ এই চৰকাৰী অনুষ্ঠানৰ সুযোগ নিতান্তই বিজেপিয়ে গ্ৰহণ কৰিব ৷

  • Share this:

অসমৰ স্বাভিমান বিহুক লৈ বিশ্ব ৰেকৰ্ডৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ একপ্ৰকাৰ এই দিনটোতে বিজেপিয়ে বজাব ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা ৷


ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ/অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই ব'হাগক এইদৰেই অংকিত কৰিছিল ৷ অসমীয়া জাতিৰ আয়ুস ৰেখা হৈ ব'হাগ আহে প্ৰতিবছৰে ৷ ব'হাগতে অসমীয়াই পণ লয়, প্ৰতিশ্ৰুতি দিয়ে স্বাভিমানী জাতি হৈ থকাৰ ৷


এই ব'হাগতে স্বাভিমানী অসমীয়া সাক্ষী হ'বলৈ আগবাঢ়িছে এক গৌৰৱৰ ৷ বছৰৰ বিহুটিত এইবাৰ বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড ৷ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিৱদ্ধ হ'ব একক আৰু অনন্য আমাৰ বিহু ৷ এই কথা সোমবাৰে ডিব্ৰুগড়ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কৈছিল ১৪ এপ্ৰিলৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনত স্বকীয় বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়িব বুলি ৷


এই উদ্দেশ্যে চাৰিগৰাকী মন্ত্ৰীক লৈ চৰকাৰে গঠন কৰিছে এখন কমিটী ৷ কমিটীত আছে মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱা ৷


"স্বাভাৱিকতেই এয়া ইতিবাচক খবৰ ৷ আমাৰ চৰকাৰখনে লোকসংস্কৃতিক লৈ সদায়েই চিন্তা কৰি আহিছে ৷ এইবাৰ এপ্ৰিলত আমাৰ বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব ৷ অসমৰ ভিন্ন স্থানৰ ১০-১৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে এই ৰেকৰ্ডৰ কাৰ্যসূচীত ভাগ ল'ব ৷ ১৫ৰ পৰা ৩০ বছৰৰ বিহুৱা-বিহুৱতীক বিভিন্ন স্থানত প্ৰশিক্ষণ শিবিৰৰ যোগেদি প্ৰশিক্ষণ দিয়া হ'ব ৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাইত একে তাল-সুৰ-ভঙ্গিমাৰে প্ৰদৰ্শিত হ'ব বিহু, য'ত গীনিজ বুক অৱ ৰেকৰ্ডছৰ প্ৰতিনিধিও উপস্থিত থাকিব ৷" —News18ক এইদৰে জনালে চাৰিজনীয়া মন্ত্ৰীৰে গঠিত কমিটীৰ অন্যতম সদস্য মন্ত্ৰী বিমল বৰাই ৷


নিশ্চয়কৈ চহকী অসমীয়াক গৌৰৱান্বিত কৰিব এই বিশেষ দিনটোৱে ৷ ১৪ এপ্ৰিলত অগণন ঢুলীয়াই ঢোলত তোলা ডগৰ, প্ৰাণচঞ্চলা কৰা নাচনীৰ বিহু নাচৰ গিৰপনিত মুখৰ হ'ব সৰুসজাই ষ্টেডিয়াম ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশ্ব দৰবাৰলৈ যাব অসমীয়াৰ স্বাভিমান, প্ৰাণৰ বিহু ৷ একে সময়তে এই অনুষ্ঠানেৰেই অসমত বিজেপিয়ে পাব নিৰ্বাচনী ৰণডংকা বজোৱাৰো সুযোগ ৷ ২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত ১৪ এপ্ৰিলৰ এই চৰকাৰী অনুষ্ঠানৰ সুযোগ নিতান্তই বিজেপিয়ে গ্ৰহণ কৰিব ৷ ৰাজনীতিৰ কথা বাদ দি এই অনুষ্ঠান হ'ব অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ, স্বাভিমানৰ ৷

শেহতীয়া বাতৰি