শিৱসাগৰ জিলাৰ আমগুৰি লালিমচিগাৰ এগৰাকী যুৱতীয়ে আলফা স্বাধীন (ULFA-I)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰী শিৱানী গগৈয়ে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে ।
১৩ মে'ৰ পুৱাই ঘৰৰ পৰা ওলাই গৈছিল শিৱানী গগৈ । সেই দিনটোৰ পৰাই সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী । পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল আমগুৰি আৰক্ষী থানাত । সন্ধানহীন হোৱা দিনটোৰ পাছতেই পিতৃয়ে ছাত্ৰী গৰাকীৰ চাইকেলখন উদ্ধাৰ কৰিছিল আমগুৰি ৰে'ল ষ্টেচনত । বৰ্তমানলৈকে পিতৃ প্ৰাঞ্জল গগৈ আৰু মাতৃ দ্বীপজ্যোতি গগৈ নিশ্চিত নহয় প্ৰকৃততে তেওঁলোকৰ কন্যাই আলফা স্বাধীনত যোগদান কৰাৰ খবৰ সত্য নে অসত্য ।
শিৱানী গগৈ নিৰুদ্দেশ হৈ থকাত স্বাভাবিকতে কান্দোনৰ ৰোল উঠিছে ঘৰখনত । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah)লৈ পিতৃ-মাতৃৰ আহ্বান " ছোৱালীজনী পঢ়ি আছে । ভৱিষ্যত আছে। যদিহে আলফা স্বাধীনলৈ গৈছে সোনকালে তাইক ঘৰলৈ ঘূৰাই পঠাওক।"
আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ প্ৰতিও আহ্বান পিতৃ-মাতৃৰ ছোৱালীজনীক যেন বিচাৰি উলিয়ায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|