உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কোভিডৰ বিভীষিকাৰ মাজতে অসমীয়া ছবি জগতৰ বাবে ভাল খবৰ, এই মাহতে মুক্তি পাব ‘মিডনাইট ছং’

    কোভিডৰ বিভীষিকাৰ মাজতে অসমীয়া ছবি জগতৰ বাবে ভাল খবৰ, এই মাহতে মুক্তি পাব ‘মিডনাইট ছং’

    ‘মিডনাইট ছং’–এ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২২টাতকৈও অধিক সন্মান বুটলিবলৈ সক্ষম হৈছে।

    ‘মিডনাইট ছং’–এ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২২টাতকৈও অধিক সন্মান বুটলিবলৈ সক্ষম হৈছে।

    ‘মিডনাইট ছং’–এ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২২টাতকৈও অধিক সন্মান বুটলিবলৈ সক্ষম হৈছে।

    • Share this:
    অহা ২৯ জানুৱাৰীত ৰাজ্যৰ ছবিগৃহত মু্ক্তিলাভ কৰিব নতুন অসমীয়া ছবি "MIDNIGHT SONG"–এ। ৯০ মিনিট দৈৰ্ঘ্যৰ ‘মিডনাইট ছং’ৰ ছাউণ্ড ডিজাইনিং মুম্বাইত প্ৰতিষ্ঠিত দেৱজিৎ চাংমাইৰ। শব্দ সংমিশ্ৰন যতীন শৰ্মাৰ আৰু একমাত্ৰ গীতটিত কণ্ঠ নিগৰাইছে জুবলী বৰুৱাই আৰু সংগীত সজাইছে আমেৰিকাৰ সংগিত শিল্পী মেগন ৰ'জ স্কটে। ‘শেষ হয় যেন আকাশ’ শীৰ্ষক গীতটি একেলগে অসমীয়া আৰু ইংৰাজী ভাষাত বাণীবদ্ধ কৰা হৈছে।

    ইতিমধ্যে, ‘মিডনাইট ছং’–এ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২২টাতকৈও অধিক সন্মান বুটলিবলৈ সক্ষম হৈছে। মহিলাৰ সম্পৰ্কক আধাৰ হিচাপে লৈ ৯০ মিনিটৰ এই মিডনাইট ছঙৰ কাহিনী আগবাঢ়িছে। কোৰোণাৰ জটিল সময়ত মৃতপ্ৰায় হৈ পৰা অসমীয়া ছবি উদ্যোগে মিডনাইট ছঙৰ জৰিয়তে পুনৰ মূৰ দাঙি উঠিব পাৰিব বুলি আশা প্ৰকাশ কৰে প্ৰযোজক অপৰাজিতা ভূঞাই। ‘মিডনাইট ছং’ৰ একমাত্ৰ গীতটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ, জুবলী বৰুৱা আৰু  কেইবাগৰাকীও শিল্পী।

    আনহাতে, এই অনুষ্ঠানতে মাজুলীত বিদ্যাসাগৰে জুবিন গাৰ্গে ব্যক্তিগত লাভৰ বাবে CAA আন্দোলন কৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন গাৰ্গে কয়, কোনে কি কৈছে সেই লৈ মোৰ বিশেষ ক'বলগীয়া নাই। মই কোনো দললৈ গৈছো? ব্যক্তিগত লাভৰ বিষয়ে মই কেতিয়াও চিন্তা কৰা নাই। আগলৈও ৰাইজে দেখি থাকিব মই কি কৰিম নিৰ্বাচনৰ আগত এনেবোৰ কথা কয়েই ৷

    ২৯ জানুৱাৰীত মুক্তি লাভকৰিব লগা চিনেমাখনে পুনৰ চিনেমা জগতলৈ ভাল দিন ঘূৰাই আনিব বুলি আশা জুবিন গাৰ্গৰ৷ জনপ্ৰিয় শিল্পী গৰাকীয়ে নিজে নতুনকৈ দুখন ছবিৰ কাম কৰি থকাৰ কথা সদৰি কৰে। কোভিডৰ বাবে ৰাজ্যৰ বহু সংখ্যক চিনেমা হল এতিয়াও খোলা নাই যদিও মিডনাইট ছং ৰাজ্যৰ ৮টা হলত মুকলি হ’ব৷
    Published by:Sanjay Kumar Das
    First published: