অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক ঐতিহাসিক ক্ষণ ৷ অসমৰ প্ৰাচীন লোককলা পুতলা নাচক সমল হিচাপে লৈ নিৰ্মিত, অসম সন্তান ৰাজেন দাস পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট' (Life in a Puppet)-এ ৰাষ্ট্ৰসংঘৰ মঞ্চত খোজ দিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰসংঘই ২০০২ চনত সাধাৰণ পৰিষদত ঘোষণা কৰা আৰু পালন কৰি অহা Word Day For Cultural Diversity For Dialogue and Development উপলক্ষত ৰাষ্ট্ৰসংঘৰ সংগঠন ইউনেস্ক' (UNESCO)ৰ নতুন দিল্লীস্থিত কাৰ্যালয়ে আয়োজন কৰিছে 'Culture Cinema 2021' শীৰ্ষক ছবি মহোৎসৱ৷
চিনেমাৰ মাধ্যমত বৈচিত্ৰ্য উন্নয়ন আৰু শান্তিপূৰ্ণ সহাৱস্থানক বিষয় হিচাপে লৈ অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে মনোনীত হৈছে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট'। কোৰোণাকালীন পৰিস্থিতিৰ বাবে অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ ভাৰ্চুৱেল প্লেটফৰ্মত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই সন্মানীয় মহোৎসৱ৷ ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংস্থা তথা ১৯৪৫ চনতেই স্থাপিত ইউনেস্ক’ৱে বিশেষ উদ্যোগ গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ ’কালচাৰ চিনেমা ২০২১’লৈ মনোনীত ছবিসমূহ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় অ’টি টি প্লেটফৰ্ম ’মুভীচেইন্ট’যোগে বিশ্বজুৰি প্ৰদশৰ্নৰ ব্যৱস্থা কৰিছে৷
সেই অনুসৰি অসমৰ লোকশিল্প পুতলা নাচক লৈ নিৰ্মিত ’লাইফ ইন এ পাপেট’ চলচ্চিত্ৰখন মহোৎসৱৰ সময়ছোৱাত বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে ৷ ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংগঠন ইউনেস্ক’ৰ প্লেটফৰ্মত অসমীয়া চলচ্চিত্ৰ ’লাইফ ইন এ পাপেট’ৰ এই ৱৰ্ল্ড প্ৰিমিয়াৰ নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ৷ ইতিমধ্যে ছবিখন মহোৎসৱত প্ৰদৰ্শনৰ কাৰিকৰী ব্যৱস্থাসমূহ সম্পন্ন কৰিবলৈ মহোৎসৱ কৰ্তৃপক্ষ আৰু ’মুভীচেইন্ট’ৰ তৰফৰ পৰা পৰিচালক–প্ৰযোজক ৰাজেন দাসৰ স’তে যোগাযোগ স্থাপন কৰা বুলি জানিব পৰা গৈছে৷
মহোৎসৱলৈ মনোনীত ছবিসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰি ইউনেস্ক’ৰ নতুন দিল্লীস্থিত কাৰ্যালয়ৰ সঞ্চালক এৰিক ফল্টে এক শুভেচ্ছা বাৰ্তাত কয় যে সংস্কৃতিৰ আছে এক নিজস্ব স্বাধীন পথ৷ এই পথ হৈছে উন্নয়নৰ এক চালিকা শক্তি৷ ইউনেস্ক’ৱে এই পথক স্বীকৃতি দিছে৷ চিনেমা হৈছে এই সাংস্কৃতিক বিনিময়ক তুলি ধৰা এক শক্তিশালী গণমাধ্যম৷ এই সাংস্কৃতিক আৰু সৃষ্টিশীল কাৰ্যসমূহে চিনেমাৰ মাধ্যমত এক বিশ্বনাগৰিকৰ সপোন সাৰ্থক কৰিব বুলি এৰিক ফল্টে মন্তব্য কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|