• Home
  • »
  • News
  • »
  • assam
  • »
  • টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত স্থান পাইছে ৰীমা দাসৰ বোলছবি Tora's Husband–এ

টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত স্থান পাইছে ৰীমা দাসৰ বোলছবি Tora's Husband–এ

TIFFৰ ২০২২ৰ World Premiereৰ ১০খন চিনেমাৰ অন্যতম Tora's Husband একমাত্ৰ ভাৰতীয় বোলছবি। 

TIFFৰ ২০২২ৰ World Premiereৰ ১০খন চিনেমাৰ অন্যতম Tora's Husband একমাত্ৰ ভাৰতীয় বোলছবি। 

TIFFৰ ২০২২ৰ World Premiereৰ ১০খন চিনেমাৰ অন্যতম Tora's Husband একমাত্ৰ ভাৰতীয় বোলছবি। 

  • Share this:
টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱৰ (Toronto International Film Festival)ৰ World Premierত স্থান পাইছে Village Rockstars খ্যাত ৰীমা দাস নিৰ্মিত ছবি Tora's Husband–এ। বিশ্বৰ সৰ্বমুঠ ১০খন বোলছবিক বাছনি কৰা হৈছে, তাৰ মাজত আছে ৰীমা দাসৰ ছবিখন।

এই ১০খন ছবিয়ে Best Platform Prizeৰ যোগ্যতা অর্জন কৰিছে। এই বঁটাৰ মূল্য ২০,০০০ CAD। বিচাৰকে চয়ন কৰা ১০খনৰ এখন ছবিয়ে পাব এই পুৰস্কাৰ। এই তালিকাত ২০২২ বৰ্ষৰ কাৰণে অন্তৰ্ভুক্ত হোৱা Tora's Husband একমাত্ৰ ভাৰতীয় চিনেমা। তলিকাত আছে দুখন ফ্ৰান্সৰ, দুখন কানাডাৰ, এখন ইংলেণ্ডৰ, এখন ব্ৰাজিলৰ, এখন ইৰাণ আৰু এখন ছুইজাৰলেণ্ডৰ চিনেমা।

ৰীমা দাসৰ চিনেমাখনত এজন ব্যৱসায়ী পিতৃৰ পিতৃ জীৱন বৃত্তান্ত ডাঙি ধৰে হৈছে যি কোৰোণা কালত ঘোষণা হোৱা তলাবন্ধৰ ফলত লোকচানৰ সন্মুখীন আৰু ব্যক্তিগত সম্বন্ধ সমূহতো প্রভাৱ পৰে। উল্লেখযোগ্য যে ছেপ্টেম্বৰৰ ৮ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ১৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব।
Published by:Sanjay Kumar Das
First published: