உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assamese film Bridge: অস্কাৰৰ পথত অগ্ৰসৰ আন এখন অসমীয়া চলচ্চিত্ৰ ‘ব্রীজ’

    Assamese film Bridge: অস্কাৰৰ পথত অগ্ৰসৰ আন এখন অসমীয়া চলচ্চিত্ৰ ‘ব্রীজ’

    একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে ভাৰতে প্ৰেৰণ কৰিবলগীয়া চলচ্চিত্ৰৰ তালিকাত ব্ৰীজ

    একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে ভাৰতে প্ৰেৰণ কৰিবলগীয়া চলচ্চিত্ৰৰ তালিকাত ব্ৰীজ

    একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে ভাৰতে প্ৰেৰণ কৰিবলগীয়া চলচ্চিত্ৰৰ তালিকাত ব্ৰীজ

    • Share this:

    অসমীয়া চলচ্চিত্র জগতৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কৃপাল কলিতা পৰিচালিত ছবি ব্ৰীজে। চলচ্চিত্র জগতৰ সন্মানীয় বঁটা ‘অস্কাৰ’ৰ বাবে এই ছবিখনে প্রাৰম্ভিক যাত্ৰা আৰম্ভ কৰিছে। ২০২২ৰ একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে ভাৰতে প্ৰেৰণ কৰিবলগীয়া চলচ্চিত্ৰৰ তালিকাত আছে ব্ৰীজ (Bridge)।


     ১৮জনীয়া জুৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে প্ৰস্তুত কৰা তালিকাত ১২খন ভাৰতীয় চলচ্চিত্ৰ নিৰ্বাচন কৰিছে। ইয়াৰ মাজতে স্থান পাইছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে। জুৰীয়ে অস্কাৰত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ এখন চলচ্চিত্ৰ বাছনি কৰিব।


    এই বাছনিত ব্ৰিজ উঠে নে নুঠে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব যদিও সৰ্বভাৰতীয় ১২খন চলচ্চিত্ৰৰ তালিকাত স্থান লাভো এক গুৰুত্বপূৰ্ণ সাফল্য বুলি ক'ব পাৰি। কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত ব্ৰীজ চলচ্চিত্ৰখনত বানপানীৰ সময়ত এগৰাকী কিশোৰীৰ সংগ্ৰাম আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহৰ প্ৰতি মানুহৰ প্ৰেমক তুলি ধৰিছে।


    গোৱাত ভাৰতৰ ৫১তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ইয়াত বঁটা লাভ কৰিছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রয়োজিত চলচ্চিত্ৰখন ৩৫খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷


    শেহতীয়াকৈ ভাৰতৰ অফিচিয়েল এনট্ৰী হিচাপে ১২খন চলচ্চিত্রৰ তালিকাৰ অন্তর্ভুক্ত কৃপাল কলিতা পৰিচালিত ‘ব্রীজ’ৰ এই সাফল্য অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে নিশ্চিতভাৱে ভাল খবৰ। উল্লেখ্য, ২০১৯ চনত ৰীমা দাস পৰিচালিত ছবি ''ভিলেজ ৰকষ্টাৰ'' ভাৰতৰ অফিচিয়েল এনট্ৰী ৰূপে একাডেমী এৱাৰ্ডছৰ বাবে নিৰ্বাচন কৰা হৈছিল।

    Published by:Gautam Barman
    First published: