আজি অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ কাতি বিহু (Kati Bihu)। সেই লৈ পুৱাৰে পৰাই সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে চহা কৃষক ৰাইজৰ মাজত।আহিনৰ সংক্ৰান্তিৰ দিনা ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই অসমীয়া সমাজে কৃষি ভিত্তিক উৎসৱ কাতি বিহু উদযাপন কৰি আহিছে। প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰ প্ৰবাহিত হৈ থকা কাতি বিহুৰ মাহাত্ম্য অপৰিসীম। এই বিহুৰ সৈতে জড়িত হৈ আছে আমাৰ কৃষ্টি-সংস্কৃতি। কাতি বিহুৰ সৈতে ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস নিবিড়ভাৱে জড়িত হৈ আছে।
পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিনীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি ৰঙা মাটিৰে লিপি জিলিকাই ৰাখে। দুপৰীয়াৰ ভাগত গৃহিনীয়ে কান্ধত কাঁচিখন লৈ নিজৰ সোণগুটিৰ পথাৰডৰা চাবলৈ যোৱাৰ পৰম্পৰা আছে। যদি ধাননি পথাৰ চাবলৈ নাযায় ,তেতিয়া লক্ষ্মী আয়ে গৃহস্থ নাই বুলি ভাৱে আৰু গৃহস্থৰ গৃহত অকাল-অনাটন বাঢ়ে বুলি এক বিশ্বাস আছে।
সন্ধিয়া হোৱাৰ লগে লগেই ঘৰৰ কণমাণিহতে ৰঙা মাটিৰে লিপি জিলিকাই থোৱা তুলসীৰ ভেটিত বকুল ফুল ছটিয়াই আকৰ্ষণীয় কৰি তোলে। আৰু ঘৰৰ মূল গৃহিনীয়ে আমাৰ সমাজত পৱিত্ৰ বৃক্ষ ৰূপে পৰিচিত তুলসীৰ তলত বন্তি জ্বলাই সেৱা ধৰে। অৱশ্যে কোনো কোনো স্থানত বন্তিগছিৰ লগতে নাহৰ গুটি জ্বলোৱাৰো পৰম্পৰা আছে।
![]()
তুলসী বৃক্ষৰ তলত সেৱা কৰাৰ পূৰ্বে চহা কৃষক ৰাইজৰ জীৱন-জিৱীকাৰ অন্যতম ভৰষা সগৰ্ভা পথাৰখনিত আকাশ বন্তি জ্বলায়।জনবিশ্বাস অনুসৰি এইসময়ছোৱাত ধাননি পথাৰত ধানে গেৰ মেলে।শইচৰ ফু্ল ধৰে, সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্য নষ্টকাৰী কীট-পতংগৰ উৎপাত বৃদ্ধি হয়। আৰু এইসমুহৰ পৰা ফুলাম হৈ পৰা ধাননি পথাৰখন যাতে সুকলমে ৰাখিব পাৰি, সেই উদেশ্যেই আকাশ বন্তি জ্বলাই কীট পতংগৰ কবলৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও কাতি বিহুৰ সন্ধিয়া পদুলিমুখত, ভৰাল ঘৰত আৰু ৰান্ধনি শালত বন্তি জ্বলাই লক্ষ্মী আই আদৰাৰ পৰম্পৰা আছে।
পৱিত্ৰ তুলসীৰ তলত সন্ধিয়া গাৱঁৰ কণ কণ শিশুসকলৰ লগতে আইসকলেও গৃহস্থৰ ঘৰে ঘৰে গৈ প্ৰাৰ্থনা জোৰে আৰু গৃহস্থক আৰ্শীবাদ প্ৰদান কৰে। "তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনু শৰ ধৰে " ধ্বনিৰে মুখৰিত হৈ পৰে সকলোৰে চোতালখন। প্ৰাৰ্থনাৰ অন্তত শিশু সকলৰ মাজত তুলসী আইৰ আগত আগবঢ়াই থোৱা মাহ - প্ৰসাদ ভগাই দিয়ে গৃহিনীয়ে। কাতি বিহুৰ মাহ- প্ৰসাদৰ লগত ৰবাব টেঙা দিয়াৰ এক পৰম্পৰা আছে। বিশ্বাস অনুসৰি স্বাভাৱিকতে এইসময়ত ৰবাব টেঙা চাউলীয়া হৈ থাকে।কণ কণ শিশুৱে খাবলৈ ইচ্ছা নকৰে।কিন্তু চাউলীয়া ৰবাব টেঙাৰ ঔষধী গুণ আছে।সেয়ে প্ৰসাদৰ লগত সমুহীয়াকৈ ৰবাব টেঙা দিলে লগৰ ,সমনীয়াৰ লগত খাই আৰু ৰোগৰ পৰা মুক্ত হৈ থাকে বুলি সমাজত প্ৰচলন হৈ আহিছে। তুলসীৰ তলত দিয়া প্ৰসাদ লবলৈ শিশুসকলে হাতে হাতে একোটাকৈ পলিথিন লৈ অহা মন-প্ৰাণ ভৰি যোৱা দৃশ্য আজিও গাঁৱত দেখিবলৈ পোৱা যায়।
অসমীয়া চহা কৃষক সমাজে কাতি বিহু ভোগ আৰু আনন্দ উল্লাসৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি আহিছে যদিও তাহানিৰ পৰম্পৰা সমুহ অটুট ৰাখি আহিছে। এই সময়ছোৱাত খেতিয়কৰ ভৰাল প্ৰায় উদং হৈ পৰে। নানা অভাৱ অনাটনে যেন হেচাঁ মাৰি ধৰে কৃষকক। কিন্তু তাৰ মাজতো লক্ষ্মী আই সু-প্ৰসন্ন হৈ পুনৰ যাতে উদং হোৱা ভৰাল পুনৰ নদন- বদন হৈ উঠে, সেয়া কামনা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|