• Home
  • »
  • News
  • »
  • assam
  • »
  • "মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ৰক্ষা কৰক"- নগাঁৱৰ অসমীয়া কৃষকৰ কাতৰ আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ

"মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ৰক্ষা কৰক"- নগাঁৱৰ অসমীয়া কৃষকৰ কাতৰ আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ

ইটাভাটাৰ বাবে ধ্বংস হৈছে বহুহাজাৰ বিঘা কৃষি ভূমি।

ইটাভাটাৰ বাবে ধ্বংস হৈছে বহুহাজাৰ বিঘা কৃষি ভূমি।

ইটাভাটাৰ বাবে ধ্বংস হৈছে বহুহাজাৰ বিঘা কৃষি ভূমি।

  • Share this:
"মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভূমি ৰক্ষা কৰক। আমাৰ কৃষিভূমিত গঢ়ি উঠা অবৈধ ইটাভাটা উচ্ছেদ কৰক"- ন্যায় বিচাৰি এইদৰে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে বৃহত্তৰ ৰাইদঙীয়া কৃষিভূমি সুৰক্ষা সমিতিয়ে।

নগাঁও জিলাৰ ৰাইদঙীয়াৰ কৃষিভূমিত ইটাভাটা স্থাপন কৰাৰ পিছতে আজি নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কৃষিভূমি ৰক্ষাৰ বাবে আহ্বান জনায়। ৰাইজৰ অভিযোগ, কৃষিবিভাগৰ বৰমূৰীয়া, প্ৰদূষণ বিভাগৰ বৰমূৰীয়া আৰু জিলা প্ৰশাসনৰ একাংশ বৰমূৰীয়াই গোপন বুজাবুজিৰে ইটাভাটাৰ মালিকপক্ষক উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান কৰিছে।

ৰাইদঙীয়াৰ বগুৰীগুৰিৰ কৃষক সমাজে এইক্ষেত্ৰত সংবাদ মাধ্যমৰ জৰিয়তে উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। অৱশ্যে কৃষকৰ এই অভিযোগক নস্যাৎ কৰিছে ইটাভাটাৰ স্বত্বাধিকাৰীসকলে। তেঁওলোকৰ মতে, প্ৰদূষণ বিভাগ আৰু কৃষিবিভাগৰ যাৱতীয় অনুমতি সাপেক্ষেহে তেঁওলোকে এই উদ্যোগ স্থাপন কৰিছে। কিন্তু কৃষিভূমিত উদ্যোগ স্থাপনৰ এই অভিযোগে সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি