নাজিৰাঃ লকডাউনৰ মাজতে অসমীয়াই পালন কৰিলে হেঁপাহৰ ৰঙালী বিহু ৷ বিগত বছৰ বোৰৰ দৰে এইবাৰ বিহুক আদৰিব নোৱাৰিলে ৰাজ্যবাসীয়ে ৷ এইবাৰ উৰুঙা হৈ ৰল বিহু মঞ্চ সমূহো৷ থলুৱা বাদ্যযন্ত্ৰৰে দৰ্শকৰ মন জয় কৰা নাজিৰাৰ কনমানি ঢোলৰ ওজা অৰিয়ণ প্ৰীতম বৰকাকতী আৰু লগতে পেপা, বাঁহী, গগনা , হুতুলী বজোৱা অৰিয়নৰ কনমানি বায়েক আইভিপ্ৰিয়া বৰকাকতিও এইবাৰ থাকিব লগা হ’ল ঘৰতে৷ কিন্তু সংগীতৰ চৰ্চা থমকি ৰোৱা নাই দুই প্ৰতিভাশালী শিশুৰ। শিক্ষাবিদ মাক দেউতাকে তাল বজাই লগত সংগত কৰি প্ৰেৰণা যোগাইছে দুই সন্তানক। কাৰণ কোৰোণা ভাইৰাছৰ কাৰণে এইবাৰ বিহুৰ মাদকতা সেমেকা ৷
লকডাউনৰ কাৰণে ঘৰতে থকা পিতৃ–মাতৃ তথা জ্যেষ্ঠ ভগ্নীৰ সৈতে থাকিবলগীয়া হৈছেঢোল বাদনেৰে জনপ্ৰিয়তা অৰ্জন কৰা কমবয়সীয়া ঢোলৰ ওজা অৰিয়ণ প্ৰীতম বৰকাকতীও ঘৰতে আছে ৷ অসমৰ ভিন্ন প্ৰান্তৰ বিহু মঞ্চত ওজা পালি প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছিল সাত বছৰীয়া কনমানি ঢোলৰ ওজা জনে। শিৱসাগৰ জিলাৰ নাজিৰাৰ অৰিয়ণ প্ৰীতমে ৫ বছৰ বয়সতে ওজা পালি শিকি বৰ্তমান জনপ্ৰিয় হৈ পৰিছে।
উল্লেখযোগ্য যে অৰিয়ণৰ মাক গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰিমঝিম বৰা আৰু দেউতাক একে মহাবিদ্যালয়ৰে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিদ্যানন্দ বৰকাকতী ৷ উচ্চ শিক্ষিত পিতৃ–মাতৃহালে বস্তুবাদী চিন্তাৰ সলনি নিজ সন্তানক দিছে কলাসন্মত জীৱন যাপন কৰাৰ অনুপ্ৰেৰণা।
গতিকে এইবাৰ বিহু নহ’লেও অৰিয়ন প্ৰীতম ঘৰতে ব্যস্ত ঢোল বাদনত৷ লকডাউনৰ সময়ত অৰিয়ন প্ৰীতমৰ লগত মাক দেউতাকৰ লগতে কনমানি বায়েক আইভীপ্ৰীয়া বৰকাকতিয়ে বাঁহী, পেপা , গগনা আৰু হুতুলী পৰিবেশন কৰি পাৰ কৰিছে সময়৷ পৰিয়ালটোৱে মন মোহিছে বহুতৰ
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|