• Home
  • »
  • News
  • »
  • assam
  • »
  • পদোন্নতিয়ে কাল হ’ল নেকি ত্ৰিদীপৰ! বেংগালুৰুত আঠ মহলীয়া বিল্ডিঙৰ পৰা পৰি মৃত্যু অসমৰ অভিযন্তাৰ

পদোন্নতিয়ে কাল হ’ল নেকি ত্ৰিদীপৰ! বেংগালুৰুত আঠ মহলীয়া বিল্ডিঙৰ পৰা পৰি মৃত্যু অসমৰ অভিযন্তাৰ

পৰিয়ালৰ সন্দেহ যে এই পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল৷ ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে৷

  • Share this:
বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে এজন অসমীয়া অভিযন্তাই৷ বেংগালুৰুত মৃত্যু সাবটি ল’লে ত্ৰিদীপ কোঁৱৰ নামৰ অভিযন্তাজনে। ফুড অভিযন্তা হিচাপে এটা কোম্পানীত কৰ্মৰত ত্ৰিদীপ কোঁৱৰ আঠমহলীয়া এক বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদীপৰ পৰিয়াললৈ খবৰ আহে৷ মৃত্যুৰ এদিনৰ পূৰ্বে ত্ৰিদীপে পদোন্নতি লাভ কৰিছিল কোম্পানীত৷

পৰিয়ালৰ সন্দেহ যে এই পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল৷ ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে৷

নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱৰৰ একমাত্ৰ পুত্ৰ ত্ৰিদীপৰ মৃতদেহ যোৱানিশা ঘৰলৈ অনা হয়৷ ত্ৰিদীপৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। সকলোৰে দাবী, ত্ৰিদীপৰ মৃত্যুৰ উচিত বিচাৰ হওক আৰু অভিযন্তাজনৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক৷
Published by:Sanjay Kumar Das
First published: