• Home
  • »
  • News
  • »
  • assam
  • »
  • Assamese Language Paper APSC: APSCৰ পৰা আঁতৰিল অসমীয়া ভাষা,  ৰাজ্য চৰকাৰৰ সিদ্ধান্তত হাইকোৰ্টৰ মোহৰ

Assamese Language Paper APSC: APSCৰ পৰা আঁতৰিল অসমীয়া ভাষা,  ৰাজ্য চৰকাৰৰ সিদ্ধান্তত হাইকোৰ্টৰ মোহৰ

২০২২ত হবলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনেই অনুষ্ঠিত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

২০২২ত হবলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনেই অনুষ্ঠিত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

২০২২ত হবলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনেই অনুষ্ঠিত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

  • Share this:
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা আঁতৰিল ভাষাৰ বিষয়ক প্ৰশ্নকাকত। APSCৰ মূল পৰীক্ষাত ৩০০ নম্বৰৰ ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত আঁতৰ কৰোৱাৰ চৰকাৰী সিদ্ধান্তত শুকুৰবাৰে মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ভাষা ভিত্তিক প্ৰশ্নকাকত সংক্ৰান্তীয় গোচৰৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচৰপীঠে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত এপিএছচিৰ ২০২২ বৰ্ষৰ সংযুক্ত পৰীক্ষাৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।



কেৱল অসমীয়াই নহয়, বড়ো আৰু বঙালী ভাষাৰ পৰীক্ষাতো অৱতীৰ্ণ হ'ব নালাগে পৰীক্ষাৰ্থী।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি যুক্তি দেখুৱাইছিল মুখ্যমন্ত্ৰী শৰ্মাই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি