• Home
  • »
  • News
  • »
  • assam
  • »
  • সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ, CAB নহয়, দিল্লীৰ প্ৰদূষণকলৈহে সৰব হ’ল সাংসদ গৌৰৱ গগৈ

সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ, CAB নহয়, দিল্লীৰ প্ৰদূষণকলৈহে সৰব হ’ল সাংসদ গৌৰৱ গগৈ

 উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে দিল্লীৰ সংসদৰ মজিয়াত দিল্লীৰ প্ৰদূষণৰ বিৰুদ্ধে সৰব হ’ল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ।

  • Share this:
    আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। দেশৰ বিভিন্ন কেইটা গুৰুত্বপূৰ্ণ বিষয়ত এইবাৰ অধিৱেশন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। তাৰে ভিতৰত অন্যতম নাগৰিকত্ব সংশোধনী বিধেয়ক। উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে। অসমতো বিভিন্ন দল সংগঠনতে CAB বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তুলিছে।

    হিমন্ত বিশ্ব শৰ্মাই অধিৱেশনৰ প্ৰথম দুদিনৰ ভিতৰত CAB গৃহীত কৰা হ’ব বুলি ৰাজহুৱাকৈ মন্তব্য কৰাৰ পিছত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। অসম প্ৰদেশ কংগ্ৰেছে CAB ৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ সময়তে, সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমদিনা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ সৰব হ’ল সংসদৰ মজিয়াত। কিন্তু সাংসদ গৌৰৱ গগৈয়ে CAB ৰ বিৰুদ্ধে নহয়, দিল্লীৰ শেহতীয়া প্ৰদূষণ বৃদ্ধি পোৱাৰ বিষয়টোতহে চৰকাৰৰ বিৰুদ্ধে হাতত প্লে কাৰ্ড লৈ মুখত মাস্ক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

    ইফালে আজিৰ দিনটোত দিল্লীতকৈ  অসমত বতাহ অধিক প্ৰদূষিত। সোমবাৰে গুৱাহাটীত AQI ১৬৭ হোৱাৰ  বিপৰীতে দিল্লীত AQI ১৫১ ।
    First published: