নিজৰ বিয়াৰ দিনা নৃত্য কৰি সকলোকে আকৰ্ষিত কৰা কইনা জনী প্ৰকৃততে কোন?

News18 Assam | News18-Assam
Updated:December 25, 2019, 6:42 PM IST
নিজৰ বিয়াৰ দিনা নৃত্য কৰি সকলোকে আকৰ্ষিত কৰা কইনা জনী প্ৰকৃততে কোন?
নিজৰ বিবাহৰ দিনা আকৰ্ষণীয় নৃত্য কৰি মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত আকৰ্ষণকৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল এগৰাকী যুৱতী। হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।

নিজৰ বিবাহৰ দিনা আকৰ্ষণীয় নৃত্য কৰি মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত আকৰ্ষণকৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল এগৰাকী যুৱতী। হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।

  • Share this:
নিজৰ বিবাহৰ দিনা আকৰ্ষণীয় নৃত্য কৰি মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত আকৰ্ষণকৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল এগৰাকী যুৱতী। হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। এটা নহয়, ন কইনাজনীৰ কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে ছচিয়েল মিডিয়াত। বহু লোকে এই ভিডিঅ’ত সমালোচনাত্মক মন্তব্য কৰাৰ বিপৰীতে একাংশই কৰিছে প্ৰশংসা। News18টো দেখুওৱা হৈছিল কইনাজনীয়ে নৃত্য কৰা ভিডিঅ’।

এতিয়া News18এ বিচাৰি উলিয়াইছে কইনাজনীৰ ঠিকনা। কইনাজনীৰ নাম মাৰ্চি বৰা ৷ ঘৰ- কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ কামপুৰীয়া গাঁৱত ৷ প্ৰয়াত দুলাল বৰা আৰু শ্ৰীমতী কবিতা লস্কৰ বৰাৰ জ্যেষ্ঠা কন্যা মাৰ্চি অলপতে অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত একেখন গাঁৱৰে প্ৰণৱ বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷



৮ ডিচেম্বৰত আছিল মাৰ্চি আৰু প্ৰণৱৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান ৷ সেইদিনাই ন-কইনা মাৰ্চিয়ে অভ্যাগতৰ অনুৰোধত নিজৰ জীৱনসংগীলৈ উচৰ্গা কৰি পৰিবেশন কৰিছিল এটি সুন্দৰ আৰু পৰিপক্ক নৃত্য ৷  কিছু সময়ৰ পিছতে মাৰ্চিয়ে সেই নৃত্যৰ ভিডিঅ' আপলোড কৰে নিজৰ facebook পেজত ৷



দৰাচলতে মাৰ্চি বৰা বহু গুণ-প্ৰতিভাৰ অধিকাৰী ৷ মাৰ্চিয় ৫ বছৰ বয়সৰ পৰাই নৃত্যৰ প্ৰতি আগ্ৰহী ৷ সদৌ অসম ভিত্তিত বিহু নাচি ইতিমধ্যে মাৰ্চিয়ে বুটলিছে বহু বঁটা-বাহন ৷ কথক নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা মাৰ্চি আধুনিক নৃত্য, অভিনয়, সংগীত চৰ্চা, পেন্টিঙ আদিৰ প্ৰতিও সমানেই আগৰণুৱা ৷ মাৰ্চিয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দি একাধাৰে পুৰস্কাৰ-প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷



আৰু চাওক
পৰৱৰ্তী বাতৰি