உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাইলৈৰ পৰা ভাদ মাহ, শৰাই দিবলৈ যাওতে এইবাৰ কৰিব নোৱাৰিব এই কাম

    কাইলৈৰ পৰা ভাদ মাহ, শৰাই দিবলৈ যাওতে এইবাৰ কৰিব নোৱাৰিব এই কাম

    সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে। নামঘৰত ৫০ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।

    সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে। নামঘৰত ৫০ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।

    সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে। নামঘৰত ৫০ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।

    • Share this:
    অসমীয়া মাহৰ লেখেৰে কাইলৈ পহিলা ভাদ। অসমীয়া সমাজ জীৱনত পবিত্ৰ মাহ হিচাপে যুগ যুগ ধৰি চিহ্নিত হৈ অহা ভাদ মাহৰ গুৰুত্ব অপৰিসীম। দিনে নিশাই পবিত্ৰ ভাদমাহত ৰাজ্যৰ সকলো সত্ৰ নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। গুৰুদুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ থাকে চৌপাশ। যুগৰ পৰা যুগলৈ, পুৰুষৰ পৰা পুৰুষলৈ চলি অহা এই পৰম্পৰাত যেন এইবাৰ আঘাত হানিলে সৰ্বত্ৰ বিভীষিকা সৃষ্টিকাৰী ক'ভিড - ১৯ য়ে।
    উজনি অসমৰ অন্যতম পীঠস্থান হিচাপে পৰিচিত যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, নৃসিংহ মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰ আৰু টীয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনিআটী সত্ৰত পবিত্ৰ ভাদ মাহত অগনণ দৰ্শনাৰ্থীৰ ভিৰ দেখা যায়

    কিন্তু এইবাৰ তেনে পৰিবেশ দেখিবলৈ পোৱা নাযাব।ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে জিলাখনৰ সকলো নামঘৰ ,সত্ৰত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিৰ্দেশাৱলী জাৰি কৰিছে।সোমবাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত যোৰহাট জিলা প্ৰশাসন আৰু ঢেকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰে হোৱা এক বৈঠকৰ অন্তত জাৰি কৰে বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা।

    উক্ত সভাত যোৰহাট জিলা উপায়ুক্তৰ হৈ অংশ লোৱা অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই, যোৰহাট জিলা আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰসহ উচ্চ পদস্থ    প্ৰশাসনীক বিষয়া আৰু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই অৱগত কৰা অনুসৰি -  চৰকাৰ তথা প্ৰশাসনে ধৰ্মীয় অনুষ্ঠান সন্দৰ্ভত বান্ধি দিয়া নিয়মসমূহ সকলো দৰ্শনাৰ্থীয়ে মানি চলাটো বাধ্যতামূলক।

    সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে। নামঘৰত ৫০ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।

    এইবাৰ  সেৱা ধৰিবলৈ অহা ভকত বৈষ্ণৱক প্ৰসাদৰ ব্যৱস্থা নহব। মাথো সেৱা ধৰিয়েই ততালিকে ওলাই আহিব লাগিব নামঘৰ প্ৰাংগণৰ পৰা।  ঢেকীয়াখোৱা বৰনামঘৰৰ ভকতসকলৰ  চাৰিদিনৰ অন্তৰে অন্তৰে স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ঘাইপথৰ পৰা নামঘৰলৈ তিনিটাকৈ স্থানত শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিছে। পহিলা শিৱিৰতেই কোনো দৰ্শনাৰ্থীয়ে শৰাইৰ সামগ্ৰী আনিলে জমা দিব লাগিব কৰ্তৃপক্ষক। ইপিনে দহবছৰৰ তলৰ আৰু ষাঠী বছৰৰ উৰ্ধৰ দৰ্শনাৰ্থী আগমনত বাধা আৰোপ কৰিছে প্ৰশাসনে। 

    সমান্তৰালভাৱে ঢেকীয়াখোৱা বৰনামঘৰত থাকিব অস্থায়ী স্বাস্থ্য শিবিৰ। লগতে দৰ্শনাৰ্থীয়ে ইচ্ছা কৰিলে নামঘৰলৈ আহিবৰ বাবে আগতীয়া অনুমতি লবলৈ  ইতিমধ্যে তিনিটাকৈ ম'বাইল নাম্বাৰৰ ব্যৱস্থা কৰিছে। উল্লেখিত সকলো নিয়ম নিৰ্দেশনা যোৰহাটৰ সকলো নামঘৰ ,সত্ৰতেই প্ৰযোজ্য হব বুলি অৱগত কৰিছে প্ৰশাসনিক বিষয়াসকলে।

    উল্লেখ্য যে, ক'ৰোনা মহামাৰীয়ে যাতে কোনো কাৰণতে স্পৰ্শ কৰিব নোৱাৰে , সেই লৈয়ে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। এই ক্ষেত্ৰত নামঘৰ কৰ্তৃপক্ষ বিশেষভাৱে সচেতন হব লাগিব বুলি অৱগত কৰে আজি এই বিশেষ সভাখনত উপস্থিত থকা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই। আৰু সাম্প্ৰতিক জটিল ক্ষণত সাৱধানতাৰ ক্ষেত্ৰত ৰাইজৰো সহযোগিতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।
    First published: