নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাজ্যত। ইয়াৰ মাজতে অসমীয়া শিল্পী সমাজে জাতি–মাটি–ভেঁটি ৰক্ষাৰ আহ্বানেৰে লৈছে কঠোৰ স্থিতি। আপোচবিহীন স্থিতি প্ৰকাশ কৰি কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে অসমীয়া শিল্পী সমাজে । আগন্তুক জাপানৰ প্ৰধানমন্ত্ৰীৰ আদৰণিৰ কাৰণে আয়োজিত সাংস্কৃতিক কাৰ্য্যসূচীতো অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে শিল্পীসকলে। চৰকাৰী কাৰ্যসূচীত যিসকল শিল্পীয়ে অংশ ল’ব তেওঁলোকক এঘৰীয়া কৰাৰ হুংকাৰ শিল্পী সমাজৰ। চানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শিল্পীৰ ঐক্যৱদ্ধ সংগ্ৰাম শীৰ্ষক কাৰ্যসূচীত অভিনেত্ৰী বৰষা ৰাণী বিষয়া, কণ্ঠশিল্পী দিক্ষুকে ধৰি বহুসংখ্যক শিল্পী, কলা–কুশলীয়ে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়ে। ছহিদ দিৱসৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতি ৰক্ষা কৰাৰ যুঁজখনক যেন নতুন গতি প্ৰদান কৰিছে অসমীয়া শিল্পীসমাজৰ কেবৰ বিৰুদ্ধে হুংকাৰে।
উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ শিল্পীসমাজে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰি বিভিন্ন মঞ্চত মুকলিকৈ মনৰ ভাৱ প্ৰকাশ কৰিছে। ভিলেজ ৰকষ্টাৰ্ছৰ নিৰ্মাতা ৰীমা দাস, আমিষৰ পৰিচালক ভাস্কৰ হাজৰিকা, পদ্মভূষণ জাহ্নু বৰুৱাই জাতিধ্বংসী বিধেয়কখন উঠাই লোৱাৰ আহ্বান জনাইছে। জাহ্নু বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ ছবি ভগা খিৰিকীৰ নামো প্ৰত্যাহাৰ কৰিছে।
Published by: Tulika Devi
FIRST PUBLISHED : December 10, 2019, 13:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।