মুখ্যপৃষ্ঠা »খবৰ »অসম »ফিল্মফেয়াৰ পতাক লৈ প্ৰচণ্ড খং ৰবি শৰ্মা–জেৰিফা ৱাহিদ সহ শিল্পী সমাজৰ...কি ক’লে চাওক

ফিল্মফেয়াৰ পতাক লৈ প্ৰচণ্ড খং ৰবি শৰ্মা–জেৰিফা ৱাহিদ সহ শিল্পী সমাজৰ...কি ক’লে চাওক

‘কোনো সুস্থ সংস্কৃতিৰ অনুষ্ঠান নহয় ফিল্মফেয়াৰ’।

‘কোনো সুস্থ সংস্কৃতিৰ অনুষ্ঠান নহয় ফিল্মফেয়াৰ’।

‘কোনো সুস্থ সংস্কৃতিৰ অনুষ্ঠান নহয় ফিল্মফেয়াৰ’।

  • Share this:
অহা ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব দেশৰ সৰ্ববৃহৎ চলচ্ছিত্ৰ বঁটা ফিল্মফেয়াৰ এৱাৰ্ডছ। অসম পৰ্যটন বিভাগে বঁটাৰ বাবে যো-জা চলাই থকাৰ সময়তে অসমীয়া চিনেমাজগত,সংগীত জগত,নাট্য সমাজ ,বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ আদিয়ে বিৰোধিতা কৰিছে ফিল্ম ফেয়াৰৰ। ‘কা’ আন্দোলনৰ বিৰোধিতা কৰি ৰাইজক ফিল্মফেয়াৰ বৰ্জনৰ বাবে আহ্বান জনাইছে শিল্পী সমাজে। মংগলবাৰে সংবাদমেল অনুষ্টিত কৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয় যে 'কা বিৰোধী আন্দোলনৰ সময়ত এনে অনুষ্ঠান পতাটো দূৰ্ভাগ্যজনক। বাৰীৰ পিছফালে মৰাশ থৈ ভোজ–ভাত খোৱাৰ দৰে কাম কৰিছে চৰকাৰে।ফিল্মফেয়াৰ মেগাজিন আজিৰ তাৰিখত মৃত প্ৰায়, দেশত কোনো ৰাজ্য চৰকাৰে ফিল্ম ফেয়াৰ বঁটা প্ৰদানত স্পনছৰ কৰাৰ নজিৰ নাই , এয়া ৰাষ্ট্ৰীয় চৰকাৰী স্বীকৃতি প্ৰাপ্ত বঁটা প্ৰদান অনুষ্ঠান নহয়। এই অনুষ্ঠান পাতি বণিয়া গোষ্ঠীটোৱে অসমৰ পৰা ২০০ কোটি লৈ যাব । সংস্কৃতিৰ পৰিৱৰ্তে সস্তীয়া গীত নৃত্যৰ অনুষ্ঠান ফিল্ম ফেয়াৰ বঁটা‌। টিকটৰ পৰা সংগৃহীত ধনৰ এটা অংশ মুখ্যমন্ত্ৰীৰ পূঁজিলৈ দিব বুলি কৈছে , কিন্তু সস্তীয়া অনুষ্ঠানৰ ধন কিয় ল’ব লাগে মুখ্যমন্ত্ৰীয়ে? অসমৰ লগতে ভাৰতীয় সংস্কৃতিৰ বাহক নহয় ফিল্মফেয়াৰ অনুষ্ঠান। এই অনুষ্ঠান বৰ্জন কৰিব লাগে।’

আনহাতে ফিল্মফেয়াৰত অসমৰ শিল্পীক কোনো ধৰনৰ সুবিধা প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰী জেৰিফা ৱাহিদে। সংবাদমেলত অভিনেত্ৰী গৰাকীয়ে কয় 'ফিল্মফেয়াৰ অনুষ্ঠানত অসমৰ শিল্পী সমাজৰ অংশগ্ৰহণ নাথাকে, এই অনুষ্ঠানত অসমৰ শিল্পীক কোনো অগ্ৰাধিকাৰ দিয়া নহয়। অসমৰ শিল্পী সমাজলৈ আমন্ত্ৰণ হয়তো জনাব কিন্তু ৰেড কাৰ্পেটৰ ওচৰতহে ৰাখিব। ফিল্মফেয়াৰত অসমৰ শিল্পীক নৃত্য পৰিৱেশন কৰিবলৈও নিদিয়ে।' একেদৰে অভিনেতা ৰবি শৰ্মাই মন্তব্য কৰে যে, শিল্পী কেৱল চৰকাৰৰ প্ৰতিনিধি নহয়। ৰাজ্যৰ এনে এটা অৱস্থাত এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰাটোত মই সন্মত নহয়।'

শেহতীয়া বাতৰি