ভোগালী বিহুৰ শুভেচ্ছা জনাই কিয় ট্ৰ’ল হ’ল অভিনেত্ৰী নিশিতা গোস্বামী? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 14, 2020, 10:50 AM IST
ভোগালী বিহুৰ শুভেচ্ছা জনাই কিয় ট্ৰ’ল হ’ল অভিনেত্ৰী নিশিতা গোস্বামী? চাওক VIDEO
ভিডিঅ’টোত সুন্দৰ অসমীয়া পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক। এই ভিডিঅ’টো বিভিন্নজনে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

ভিডিঅ’টোত সুন্দৰ অসমীয়া পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক। এই ভিডিঅ’টো বিভিন্নজনে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
ভোগালী বিহুৰ শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত ট্ৰ’ল হ’ল অভিনেত্ৰী নিশিতা গোস্বামী। আচলতে খোৱাপানীৰ এটা ব্ৰেণ্ডৰ এটা বিজ্ঞাপনৰ ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে ৰাইজলৈ ভোগালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনায়।

ভিডিঅ’টোত সুন্দৰ অসমীয়া পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক। এই ভিডিঅ’টো বিভিন্নজনে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। মাঘৰ মাহত অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনোৱাক লৈ বিভিন্নজনে সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক। যিহেতু অসমীয়া নতুন বছৰ আৰম্ভ হয় ব’হাগ মাহতহে।

চাওক ভিডিঅ’ : 



 
আৰু চাওক
পৰৱৰ্তী বাতৰি