আজি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া, হোমৰ জুইক সাক্ষী কৰি ভাস্কৰ বৰুৱাৰ সৈতে পাতনি মেলিব নতুন জীৱনৰ

News18 Assam | News18-Assam
Updated:February 22, 2021, 11:08 AM IST
আজি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া, হোমৰ জুইক সাক্ষী কৰি ভাস্কৰ বৰুৱাৰ সৈতে পাতনি মেলিব নতুন জীৱনৰ
দেওবাৰে হৈ যায় মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান। পৰিয়ালৰ লগতে অন্তৰংগ বন্ধু–বান্ধৱীৰ সৈতে অনুষ্ঠিত হোৱা মেহেন্দী অনুষ্ঠানত প্ৰাণভৰি নাচিলে বৰষায়ো।

দেওবাৰে হৈ যায় মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান। পৰিয়ালৰ লগতে অন্তৰংগ বন্ধু–বান্ধৱীৰ সৈতে অনুষ্ঠিত হোৱা মেহেন্দী অনুষ্ঠানত প্ৰাণভৰি নাচিলে বৰষায়ো।

  • News18 Assam
  • Last Updated: February 22, 2021, 11:08 AM IST
  • Share this:
আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া। এক নতুন জীৱনৰ পাতনি মেলিব যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে। দুয়ো দুয়োৰে হাত ধৰি জীৱনটো নতুনকৈ সজোৱাৰ পণ ল’ব ভাস্কৰ–বৰষাই। মায়ঙৰ ঐতিহাসিক গৰঙা মন্দিৰত সম্পন্ন হ’ব বহু প্ৰত্যাশিত বিয়াখন। হোমক সাক্ষী কৰি অনুৰাগীৰ পৰা অনুৰাগ হৈ পৰা ভাস্কৰ বৰুৱাক বৰমালা পিন্ধাব বৰষাৰাণীয়ে।

দেওবাৰে হৈ যায় মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান। পৰিয়ালৰ লগতে অন্তৰংগ বন্ধু–বান্ধৱীৰ সৈতে অনুষ্ঠিত হোৱা মেহেন্দী অনুষ্ঠানত প্ৰাণভৰি নাচিলে বৰষায়ো। ইতিমধ্যে ছচিয়েল মিডিয়াত বৰষাই শ্বেয়াৰ কৰিছে এই ভিডিঅ’।

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি ভাস্কৰ বৰুৱাৰ সৈতে। বৰষাৰ একান্ত অনুৰাগী ভাস্কৰ। ইনষ্টাগ্ৰামতে প্ৰতিটো কথাৰ খবৰ লয় বৰষাৰ। সুখ–দুখৰ সমভাগী হয়। লাহে লাহে দুয়ো দুয়োকে বুজি পোৱা হ’ল। বৰষাৰ কথাৰে, খবৰ লওঁতে লওঁতে এনেকুৱা এটা সময় আহিল, তেওঁ খবৰ নল’লে ভাল নলগা হ’ল। অনুৰাগীৰ পৰা অনুৰাগ হৈ পৰিল ভাস্কৰ।

জীৱনৰ ঘাত–প্ৰতিঘাত, অতীত–বৰ্তমান সকলো সামৰি অনুৰাগী ভাস্কৰ হ’ব বিচাৰিলে বৰষাৰ জীৱন সংগী। অতীতৰ স্মৃতিবোৰ একোণত সামৰি জীৱনৰ উকা পথ আকৌ ৰঙীন কৰিব বিচাৰিছে বৰষাই।

ফাগুণ বৰষাৰ বৰ প্ৰিয়। সেয়ে ৰঙীন ফাগুণতে পৰিয়ালৰ সমৰ্থনত দুয়ো মিলি এক হোৱাৰ সিদ্ধান্ত ল’লে ভাস্কৰ–বৰষাই। আৰু অৱশেষত আহি পালে সেই বহু প্ৰত্যাশিত দিনটো। আজি ৯ ফাগুণ। কইনা সাজেৰে অগ্নিক সাক্ষী কৰি এক যোৰহাটৰ ভাস্কৰ বৰুৱাৰ হাতত হাত থৈ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিব বৰষাই। News18 অসমৰ ফালৰ পৰাও বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱালৈ থাকিল অলেখ শুভকামনা।
Published by: Sanjay Kumar Das
First published: February 22, 2021, 10:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি