• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনৰ মাজত কিয় কান্দিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই? চাওক Video

লকডাউনৰ মাজত কিয় কান্দিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই? চাওক Video

এই ভিডিঅ’টো বৰষাৰাণীয়ে আপলোড কৰিছে নিজৰ ফেচবুক পেজত।

এই ভিডিঅ’টো বৰষাৰাণীয়ে আপলোড কৰিছে নিজৰ ফেচবুক পেজত।

এই ভিডিঅ’টো বৰষাৰাণীয়ে আপলোড কৰিছে নিজৰ ফেচবুক পেজত।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বৰ্তমানো অব্যাহত আছে লকডাউন। অৱশ্যে এই লকডাউনৰ সময়ছোৱাত বহু শিথিলতা অনা হৈছে। কিছু বিশেষ সেৱাৰ বাদে আৰম্ভ হৈছে প্ৰায় সকলো সেৱা। কিন্তু লকডাউনত শিথিলতা আনিলেও প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে চৰকাৰে। অৰ্থাৎ লকডাউনত শিথিলতা আহিলেও এতিয়াও আঁতৰা নাই কোৰোণাৰ আতংক। স্বাভাৱিক জীৱনযাত্ৰা প্ৰায় আৰম্ভ হৈছে যদিও বহু লোক এতিয়াও ঘৰতে থাকি পালন কৰিছে লকডাউনৰ মাজত। ঘৰতে থাকি কৰিছে নিজৰ ভাললগা কাম।

কিন্তু লকডাউনৰ মাজত কিয় কান্দিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই? কিহৰ বাবে বৰষাৰ চকুৰে নিগৰিল তপত চকুপানী? আচলতে লকডাউনৰ মাজত ঘৰতে আছে বৰষাৰাণী বিষয়া। অভিনয় জগতৰ সৈতে জড়িত বৰষাই ঘৰতে আঁওৰালে নিজে অভিনয় কৰা জনপ্ৰিয় নাটকৰ সংলাপ।

এই ভিডিঅ’টো বৰষাৰাণীয়ে আপলোড কৰিছে নিজৰ ফেচবুক পেজত। ৰাজতিলক থিয়েটাৰত মঞ্চস্থ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত নাটক ‘মাজনীৰ মনৰ মানুহ’ৰ এটি সংলাপ আঁওৰাই ফেচবুকত আপলোড কৰিছে অভিনেত্ৰীগৰাকীয়ে।

চাওক ভিডিঅ’ :


First published: