বিছলেৰীয়ে ‘পানী’ খুৱালে অভিনেত্ৰীক! কিয় ভুলকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দিলে নিশিতাই?

News18 Assam | News18-Assam
Updated:January 14, 2020, 2:25 PM IST
বিছলেৰীয়ে ‘পানী’ খুৱালে অভিনেত্ৰীক! কিয় ভুলকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দিলে নিশিতাই?
ছচিয়েল মিডিয়াত ট্ৰ’ল হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া

ছচিয়েল মিডিয়াত ট্ৰ’ল হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া

  • Share this:
অসমবাসীক ভোগালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই ক্ষমা খুজিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। খোৱাপানীৰ এটা ব্ৰেণ্ডৰ এটা বিজ্ঞাপনৰ ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে ৰাইজলৈ ভোগালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছিল। মাঘ বিহুৰ সময়ত অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাক লৈ বিভিন্নজনে ট্ৰ’ল কৰিছিল ছচিয়েল মিডিয়াত। তাৰ পিছতে News18ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰে অভিনেত্ৰীগৰাকীয়ে।

News18লৈ প্ৰেৰণ কৰা এক বাৰ্তাত নিশিতা গোস্বামীয়ে উল্লেখ কৰে – ‘এটা বিজ্ঞাপনৰ শুভেচ্ছাবাণীত মই অনিচ্ছাকৃতভাৱে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ পৰিৱৰ্তে ভুলবশতঃ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো বুলি প্ৰকাশ কৰিলো। এই অনিচ্ছাকৃত ভুলৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী। মানুহ মাত্ৰেই ভুল হয়। অনুগ্ৰহ কৰি আপোনালোকে মোক আপোনালোকৰ মাজৰে এজন অসমীয়া বুলি ক্ষমা কৰি দিয়ে যেন।

আৰু চাওক
পৰৱৰ্তী বাতৰি