বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, দৰা কোন?

আঠ বছৰৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত যোৰহাট চোলাধৰাৰ মনদ্বীপ কাকতিৰ সৈতে সংসাৰৰ বান্ধোনত বান্ধ খালে অমৃতা।

News18-Assam
Updated:October 3, 2019, 10:28 AM IST
বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, দৰা কোন?
আঠ বছৰৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত যোৰহাট চোলাধৰাৰ মনদ্বীপ কাকতিৰ সৈতে সংসাৰৰ বান্ধোনত বান্ধ খালে অমৃতা।
News18-Assam
Updated: October 3, 2019, 10:28 AM IST
ৰিল লাইফত নহয়, এইবাৰ ৰিয়েল লাইফত হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। যোৰহাট নিবাসী তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অভিনেত্ৰী অমৃতা গগৈ। বুধবাৰে শিৱসাগৰৰ কালুগাঁৱত সম্পন্ন হয় অমৃতা আৰু মনদ্বীপৰ বিয়া।

আঠ বছৰৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত যোৰহাট চোলাধৰাৰ মনদ্বীপ কাকতিৰ সৈতে সংসাৰৰ বান্ধোনত বান্ধ খালে অমৃতা। প্ৰত্যাহ্বান গ্ৰহণ কৰি ভালপোৱা অমৃতাই সংসাৰৰ বান্ধোনৰ পিছতো অভিনয় কৰিব যাব বুলি জনায় NEWS18ক।

কেইবাখনো অসমীয়া ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ হৃদয়ৰ লগতে অভিনয় জগতত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে অমৃতা গগৈ।



এটা বছৰৰ বাবে হেঙুল থিয়েটাৰতো অভিনয় কৰিছিল অমৃতাই।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি