মুখ্যপৃষ্ঠা »খবৰ »অসম »তই কিয় নাচিলি ঐ ৰাংঢালী! ফিল্মফেয়াৰত আইমী বৰুৱাৰ বিহুনৃত্যক লৈ ছচিয়েল মিডিয়াত ধুমুহা

তই কিয় নাচিলি ঐ ৰাংঢালী! ফিল্মফেয়াৰত আইমী বৰুৱাৰ বিহুনৃত্যক লৈ ছচিয়েল মিডিয়াত ধুমুহা

বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক আকৌ থিয় দিছে আইমীৰ পক্ষত।

বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক আকৌ থিয় দিছে আইমীৰ পক্ষত।

বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক আকৌ থিয় দিছে আইমীৰ পক্ষত।

  • Share this:
ফিল্মফেয়াৰৰ মঞ্চত অভিনেত্ৰী আইমী বৰুৱাৰ বিহু নাচক লৈ ছচিয়েল মিডিয়াত সমালোচনা একাংশ লোকৰ। বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’টোত অসমক প্ৰতিনিধিত্ব কৰি বিহু নৃত্য প্ৰদৰ্শন কৰিছিল আইমী বৰুৱাই। কিন্তু ইয়াকে লৈ একাংশ লোকে সমালোচনাৰ লক্ষ্য কৰি লৈছে অভিনেত্ৰীগৰাকীক।

মন্ত্ৰী পত্নী হোৱা বাবেই ফিল্মফেয়াৰৰ মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুবিধা লাভ কৰা বুলি অভিযোগ কৰে কৰিছে একাংশই।



আনহাতে, একাংশই আকৌ আইমী বৰুৱাৰ নৃত্যশৈলীক লৈও উত্থাপন কৰিছে প্ৰশ্নৰ। আইমী বৰুৱাই বৰ এটা ভালকৈ বিহু নাচিব নাজানে বুলিও মন্তব্য কৰিছে একাংশই।



একাংশই আকৌ মন্ত্ৰী পত্নী হোৱা বাবেই সুবিধা দিয়া বুলি মন্তব্য কৰিছে ছচিয়েল মিডিয়াত। মন্ত্ৰীৰ পত্নী বুলি সুবিধা দিলে বিহু নৃত্য এনেকুৱাই হ’ব বুলি মন্তব্য।



কোনোবাই আকৌ আইমীক সমালোচনা কৰি লিখিছে যে নচাটো যি নহওক, প্ৰদৰ্শনটোহে আচল।



কিছুমানে ৰাজকোষৰ কোটি কোটি ধন আৰু হাজাৰ হাজাৰ পকেটৰ ধনেৰে টিকট কিনি এইধৰণৰ  বিহু নাচ চোৱাক লৈ আপত্তি দৰ্শাইছে।



একাংশই আকৌ আইমীয়ে কি বিহু নাচিলে বুজিয়ে নাপালো বুলি মন্তব্য কৰিছে ছচিয়েল মিডিয়াত।



কোনোবাই আকৌ সেয়া বিহুৱেই নাছিল বুলি মন্তব্য কৰিছে। সেয়া হেনো আইমীৰ ককালৰ বিষহে আছিল।



বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক আকৌ থিয় দিছে আইমীৰ পক্ষত। একাংশ লোকে সমালোচনাত বাদে আন একো নাজানে বুলিও ছচিয়েল মিডিয়াত পোষ্ট কৰিছে একাংশই।



অসমৰ মানুহে আন একো নোৱাৰিলেও কিন্তু যিকোনো বিষয়ত ঘৰতে বহি ছচিয়েল আৰু ডিজিটেল মিডিয়াত বিতৰ্ক সৃষ্টি কৰিব ভালকৈয়ে পাৰে। এইদৰেও ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।



উল্লেখযোগ্য গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হৈছিল ৬৫সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ। য’ত অংশগ্ৰহণ কৰিছিল বলীউদৰ বহু তাৰকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী, কেইবাগৰাকীও মন্ত্ৰী, শিল্পী জুবিন গাৰ্গৰ লগতে বহু ব্যক্তিয়ে।

চাওক ফিল্মফেয়াৰৰ মঞ্চত আইমী বৰুৱাৰ বিহু নৃত্য :

শেহতীয়া বাতৰি