কাইলৈ মুক্তি পাব ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি পাঠান। বক্স অফিচত চিনেমাখনে কি পৰিসংখ্যা দেখুৱাই সেয়া পিছৰ কথা, কিন্তু প্ৰচাৰে একপ্ৰকাৰ অভিলেখ ভংগ কৰিছে। সামাজিক মাধ্যমত পাঠানক লৈ যিদৰে তুমুল চৰ্চা, ইয়াৰ বাহিৰতো চাৰিওফালে পাঠানৰে চৰ্চা।
পাঠানক লৈ এনে চৰ্চা চলি থকাৰ সময়তে অৱশ্যে অসমৰ সাংস্কৃতিক জগতৰ বহুতকে পাঠান সন্দৰ্ভত মত দিয়াৰ ক্ষেত্ৰত কিছু দ্বিধাবোধ কৰা পৰিলক্ষিত হৈছে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা।
ৰবি শৰ্মাই পাঠান বিতৰ্ক আৰু চলচ্চিত্ৰখন সন্দৰ্ভত আগবঢ়াইছে মত। তেওঁ কয়- ''বহুত আর্টিষ্টক দেখিছোঁ, তেওঁলোকে বৰ সুন্দৰ শৈলীৰে ছাইড কাটি গুচি গৈছে, কমেণ্টটো দিব নিবিচাৰে। কিন্তু এনেকুৱা ক্ষেত্ৰত মাত মতাটো এজন আর্টিষ্টৰ বাবে মই দায়িত্ব বুলি ভাবোঁ। কাৰণ আমি ৰাইজৰ কণ্ঠ। ৰাইজে কি ভাবে, ৰাইজৰ কি মতামত সেইটো আমিও প্ৰকাশ কৰিব পাৰিব লাগে আচলতে। গতিকে মই ইয়াৰ পৰা ফালৰি নাকাটি এটাই কথাই ক’ব বিচাৰিছোঁ যে অন্তত আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত ৰাজনীতি নোসোমাৱাটো ভাল। আৰু ৰাজনীতিৰ ক্ষেত্ৰত কোনোবা এটা দলৰ আইডিঅ’লজী যদি মেট্ছ নকৰে, তেনেকুৱা ছবি আৰু বহু আছে।''
তেওঁ পুনৰ কয়- ''গতিকে এজন ব্যক্তিৰ নামত, এজন প্ৰখ্যাত ব্যক্তিৰ নামত নেম লোৱা ফেম লোৱা যিটো প্ৰচেষ্টা আজিকালি ছ'চিয়েল মিডিয়াত চলি আহিছে, এইটো বৰ সহজ হৈ পৰিছে। কাম কৰে বেলেগে, কোনোবাই পোষ্টাৰ ফালি নাম লৈ যায়। এই কামটো হ’ব নালাগে। ইয়াৰ বাবে চৰকাৰ দায়িত্বশীল হ’ব লাগে। কাৰণ এনেকুৱা এটা ঘটনা হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ দৰবাৰত বা ভাৰতবৰ্ষত আমাৰ ৰাজ্যখনৰ নামটো বদনাম হয়। গতিকে আমি বিজেপি, কংগ্ৰেছ, এজিপি, এজেপি এইবিলাক কৰি থকাতকৈ প্ৰথম আমি এষ্টাব্লিছ হ’ব লাগে এজন অসমীয়া হিচাপে। কাৰণ সেইটো মোৰ প্ৰথম চিনাকি। ছবি চোৱাটো কাপোৰ পিন্ধাৰ নিচিনা কথা, স্বইচ্ছাৰ কথা। কাৰোবাৰ ভাল লাগে চাব, কাৰোবাৰ ভাল নালাগে নাচাব। তাত জোৰ–জবৰদস্তি কৰিব নালাগে। মোৰ ধৰ্ম, মোৰ জাতি, মোৰ ভাষা যেতিয়া সংকটত আহিব, মোতকৈ আগতে কোনো বুজি পাব? মোক আনে দেখুৱাই দিব নালাগে। মই নিজেই বিবেচনা কৰিব পাৰোঁ বুলি মই ভাবোঁ। মই পাঠান নিশ্চয় চাম, মোৰ যি ভাল লাগে মই কৰিম। মা–দেউতাৰ বাহিৰে বাকী কাৰো কথা নুশুনো।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|