মুখ্যপৃষ্ঠা »খবৰ »অসম »Actor Kishor Das : ''আকাশলে' চাবি জোন তৰা দেখিবি জোন বাইক সুধিবি মোৰে মনটি পাবি''- কেনে আছিল কিশোৰ দাসৰ কেৰিয়াৰ?

Actor Kishor Das : ''আকাশলে' চাবি জোন তৰা দেখিবি জোন বাইক সুধিবি মোৰে মনটি পাবি''- কেনে আছিল কিশোৰ দাসৰ কেৰিয়াৰ?

মডেল হাণ্টত (Model Hunt) প্ৰথম ৰানাৰ্ছ আপ হিচাপে অভিনেতাগৰাকীয়ে লাভ কৰিছিল মিষ্টাৰ ফটোজেনিক উপাধি।

মডেল হাণ্টত (Model Hunt) প্ৰথম ৰানাৰ্ছ আপ হিচাপে অভিনেতাগৰাকীয়ে লাভ কৰিছিল মিষ্টাৰ ফটোজেনিক উপাধি।

মডেল হাণ্টত (Model Hunt) প্ৰথম ৰানাৰ্ছ আপ হিচাপে অভিনেতাগৰাকীয়ে লাভ কৰিছিল মিষ্টাৰ ফটোজেনিক উপাধি।

  • Share this:
অসমৰ সাংস্কৃতিক জগতৰ নৱতম প্ৰতিভা কিশোৰ দাসৰ মৃত্যু ৰাজ্যবাসীৰ বাবে বেদনাৰ খবৰ। খুব কম সময়তে জনপ্ৰিয় হৈ উঠা দাসে অনুৰাগীৰ লগতে প্ৰতিষ্ঠিত কলা-কুশলীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল।

দাস অসমীয়া শেহতীয়া মনোৰঞ্জন জগতৰ অন্যতম অপৰিহাৰ্য শিল্পী হিচাপে গণ্য কৰা হৈছিল। মাত্ৰ ৩০ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা দাসৰ জন্ম হৈছিল ১৯৯১ চনত ।অভিনেতা কিশোৰ দাস (Actor Kishor Das) এজন একাধাৰে সুদক্ষ নৃত্যশিল্পী, মডেল আৰু টিভিৰ অন্যতম অভিনেতাৰ উপৰি আছিল ডিজিটেল মিডিয়াৰ জনপ্ৰিয় চেলিব্ৰিটী।




অভিনেতাগৰাকীয়ে ৩০০ৰো অধিক মিউজিক ভিডিঅ’ত অভিনয় কৰাৰ লগতে তেওঁৰ অন্যতম ডাঙৰ হিট গীত ''তুৰুত তুৰুত'' অসমৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’ হিচাপে পৰিগণিত হৈছিল।









View this post on Instagram






A post shared by kangkan (@kangkan_pegu)





তদুপৰি তেওঁ টিভি ধাৰাবাহিক বন্ধন আৰু বিধাতাত অভিনয় কৰাৰ বাবেও সুপৰিচিত আছিল। কেইবাখনো চুটি ছবিত অভিনয় কৰাৰ লগতে শেহতীয়াকৈ ২৪ জুনত মুক্তি পোৱা 'দাদা তুমি দুষ্ট বৰ'ত অভিনয় কৰিছিল। ইয়াৰ উপৰি ইণ্ডিয়াছ গট টেলেণ্ট আৰু ডান্স ইণ্ডিয়া ডান্সতো অংশগ্ৰহণ কৰিছে কিশোৰ দাসে।




অভিনেতা দাসৰ মণ্টু মণিৰ 'ছেলফী লে লে ৰে', সীমান্ত শেখৰৰ 'লিপিকা', সুবাসনা দত্তৰ 'টুৰুট টুৰুট', দীপশিখা বৰাৰ 'যদি মই তোকে কওঁ', দীপলিনাৰ 'চেংকন', নীল আকাশৰ 'কলীয়া কানাই', দীপান্বিতা ডেকাৰ 'মিছাকৈ নকবি' আদি গানত কৰা অভিনয় আছিল অনন্য।




মডেল হাণ্টত (Model Hunt) প্ৰথম ৰানাৰ্ছ আপ হিচাপে অভিনেতাগৰাকীয়ে লাভ কৰিছিল মিষ্টাৰ ফটোজেনিক উপাধি। ইয়াৰ উপৰি ২০২০–২১ চনত সৰ্বাধিক জনপ্ৰিয় অভিনেতাৰ বাবে এছিয়ানেট আইকন বঁটা (Asianet Icon Award ) আৰু ২০১৯ চনত কেণ্ডিড ইয়ং এচিভমেণ্ট বঁটা লাভ কৰে।

শেহতীয়া বাতৰি