সময়ৰ প্ৰত্যাহ্বান, জীৱনৰ জটিলতা , তথাপিও ক্লান্ত হৈ পৰা নাই কিশোৰ ! জীৱনৰ জটিল ক্ষনৰ দৃঢ়তাৰে মুখামুখি হৈ ন উদ্যম আৰু ইচ্ছা শক্তিৰ প্ৰৱলতাৰে মুখত গুৰুবাণী উচ্চাৰণ কৰি মুম্বাইৰ চিকিৎসালয়ত সময় কটাইছে অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসে।
সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায়! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিও,ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত । মাত্ৰ ২৮ বছৰ বয়সতে জটিলৰোগত আক্ৰান্ত কিশোৰ দাসক সহায়ৰ হাত আগবাঢ়াইছে বিভিন্নজনে।
উল্লেখ্য যে, বৰ্তমানে মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাজন। আপোনালোকে বাৰু জানেনে মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত কেনেদৰে দিন অতিবাহিত কৰিছে কিশোৰে? পুৱাতে গা-ধুই মুখত গুৰুবাণী উচ্চাৰিত কৰি প্ৰত্যেকটো পূৱা নতুন আশাৰে আৰম্ভণি কৰে কিশোৰে।
FIRST PUBLISHED : March 11, 2022, 16:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।