কাৰ জীৱনলৈ কেতিয়া দুৰ্যোগ আহে, কোনেও নাজানে! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিওক অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস আজি শয্যাগত। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে অভিনেতাজন। এতিয়া অভিনেতাজনৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে।জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ উন্নত চিকিৎসাৰ বাবে মুম্বাই লৈ নিয়াৰ দায়িত্ব ল'লে জুবিন গাৰ্গ আৰু জয়ন্ত কাকতিয়ে।
কেতিয়াবা আৰ্ত জনৰ কাষত, কেতিয়াবা বান পিড়িত লোকৰ সহায়ৰ বাবে সাহায্য বিচাৰে জুবিন গাৰ্গে। পুনৰ এবাৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে হাৰ্টথ্ৰ'ৱ গৰাকীয়ে।
মাত্ৰ ২৮ বছৰীয়া অভিনেতা কিশোৰ দাসে অতি কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ কিশোৰৰ এই ৰোগৰ কথা জানিব পাৰি মৰ্মাহত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধই।
FIRST PUBLISHED : February 27, 2022, 14:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|