কাৰ জীৱনলৈ কেতিয়া দুৰ্যোগ আহে, কোনেও নাজানে! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিওক অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস আজি শয্যাগত। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান অভিনেতাজন গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত চিকিত্সাধীন হৈ আছে।
মাত্ৰ ২৮ বছৰীয়া অভিনেতা কিশোৰ দাসে অতি কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ কিশোৰৰ এই ৰোগৰ কথা জানিব পাৰি মৰ্মাহত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধই।
FILM FRATERNITY OF ASSAMৰ ফালৰ পৰা উদীয়মান অভিনেতাজনক চিকিত্সাৰ বাবে সহায় বিচাৰি এতিয়া কৰিছে আৱেদন। অভিনেতা কিশোৰক সুস্থ কৰি তুলিবলৈ আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 27, 2022, 12:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|