• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘জয়ন্ত মল্ল বৰুৱা ‘গজিনী’, বহুত সোনকালে কথা পাহৰে’ – ক’লে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই

‘জয়ন্ত মল্ল বৰুৱা ‘গজিনী’, বহুত সোনকালে কথা পাহৰে’ – ক’লে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই

‘‘সাহায্যৰ নামত কংগ্ৰেছে নে বিজেপিয়ে প্ৰচাৰ কৰে? সকলো প্ৰচাৰ ৰাজহুৱা ধনেৰে কৰে এই চৰকাৰে। বিজেপিয়ে আটাইতকৈ বেছি প্ৰচাৰ কৰে।’’ – মন্তব্য অংকিতা দত্তৰ।

  • Share this:
বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাক চোকা সমালোচনা যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ। আজি এক সংবাদমেল যোগে অংকিতা দত্তই টাৰ্গেট কৰি ল’লে জয়ন্ত মল্ল বৰুৱাক। অংকিতা দত্তই কয়, ‘‘জয়ন্ত মল্ল বৰুৱা মেম’ৰী লষ্ট মানুহ। গজিনী তেওঁ। জয়ন্ত মল্ল বৰুৱাই বহুত সোনকালে কথা পাহৰে।’’

যুৱ কংগ্ৰেছৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বাৰ্ণল উপহাৰ দিব বুলিও মন্তব্য কৰে অংকিতা দত্তই। কুৰিয়াৰ কৰি এই উপহাৰ পঠিয়াব যুৱ কংগ্ৰেছে। বানাক্ৰান্তক কৰা সহায় সহ্য কৰিব পৰা নাই সেই বাবেই দাইজিনো পঠিয়াব বুলি কয় অংকিতা দত্তই।

সংবাদমেলত অংকিতা দত্তই কয়, বানৰ মাজত ককবকাই থকা লোকসকলে বৰ্তমান বহু সমস্যাৰ সন্মুখীন হৈছে। আজিও পানী শুকুৱা নাই বৰাকৰ বহু অঞ্চলত। মহিলাসকলৰ মাহেকীয়া ঋতুৰ সময়ত হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ সক্ষম হোৱা নাই অসমৰ স্বাস্থ্য বিভাগ। পানীৰ মাজত অতি কষ্টৰে আছে মহিলাসকল।

‘‘সাহায্যৰ নামত কংগ্ৰেছে নে বিজেপিয়ে প্ৰচাৰ কৰে? সকলো প্ৰচাৰ ৰাজহুৱা ধনেৰে কৰে এই চৰকাৰে। বিজেপিয়ে আটাইতকৈ বেছি প্ৰচাৰ কৰে।’’ – মন্তব্য অংকিতা দত্তৰ।
Published by:Sanjay Kumar Das
First published: