• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত আদৰ নোপোৱা মল্লযুঁজাৰুক কিনিলে নেপালে, এলউইনৰ পৰা মহাবীৰ হৈ দেখুৱাইছে চমক

অসমত আদৰ নোপোৱা মল্লযুঁজাৰুক কিনিলে নেপালে, এলউইনৰ পৰা মহাবীৰ হৈ দেখুৱাইছে চমক

নেপাল দেশৰ হৈ ভাৰত, পাকিস্তান, শ্ৰীলংকাসহ অন্যান্য দেশৰ সৈতে মল্লযুঁজত অৱতীৰ্ণ হৈ ভাল প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াইছে মহাবীৰে।

  • Share this:
অসমৰ মল্লযুঁজাৰু খেলুৱৈক ক্ৰয় কৰিলে নেপালে। দীৰ্ঘদিনৰ পৰা নেপালৰ হৈ খেলিছে চমকপ্ৰদ খেল। অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ এজন মল্লযুঁজাৰু খেলুৱৈ।নাম এলউইন ডেৰা। কিন্তু অসম তথা ভাৰত চৰকাৰে খেলুৱৈজনৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাত খেলুৱৈজনক ক্ৰয় কৰিছিল নেপালে। ইয়াৰ পিছত নেপালে খেলুৱৈজনৰ প্ৰকৃত নাম এলউইন ডেৰা আঁতৰাই নামাকৰণ কৰিলে মহাবীৰ থাপা হিচাপে।

নেপাল দেশৰ হৈ ভাৰত, পাকিস্তান, শ্ৰীলংকাসহ অন্যান্য দেশৰ সৈতে মল্লযুঁজত অৱতীৰ্ণ হৈ ভাল প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াইছে মহাবীৰে। ইপিনে অসমৰ সুদক্ষ খেলুৱৈ হোৱাৰ পিছতো চৰকাৰৰ হেমাহিৰ বাবে নেপালে ক্ৰয় কৰি নেপালৰ হৈ খেলি থকা খেলুৱৈজন বৃহস্পতি বাৰে খেৰণিস্থিত নিজ বাসগৃহত উপস্থিত হোৱাত কাৰ্বি ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়।অন্যহাতে খেলুৱৈজনে তেওঁক অসম বা ভাৰত চৰকাৰে ওভতাই আনি ভাৰতৰ হৈ যাতে খেলিব পাৰে ইয়াৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি