• Home
  • »
  • News
  • »
  • assam
  • »
  • চীনৰ পৰা অনা ৫০ হাজাৰ PPE কিট ব্যৱহাৰ নকৰে অসম চৰকাৰে, কি কাৰণ ক’লে স্বাস্থ্যমন্ত্ৰীয়ে?

চীনৰ পৰা অনা ৫০ হাজাৰ PPE কিট ব্যৱহাৰ নকৰে অসম চৰকাৰে, কি কাৰণ ক’লে স্বাস্থ্যমন্ত্ৰীয়ে?

এই কিটসমূহ বেলেগকৈ গুদামত ৰখা হ’ব। জনায় স্বাস্থ্যমন্ত্ৰীজনে।

এই কিটসমূহ বেলেগকৈ গুদামত ৰখা হ’ব। জনায় স্বাস্থ্যমন্ত্ৰীজনে।

এই কিটসমূহ বেলেগকৈ গুদামত ৰখা হ’ব। জনায় স্বাস্থ্যমন্ত্ৰীজনে।

  • Share this:
শনিবাৰে এক সংবামেল যোগে স্বাস্হ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই কিটখিনিক লৈ বিগত সময়ত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টোক লৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলেও যথেষ্ট শংকাত ভুগিছে। সেয়েহে তেওঁলোকৰ মানসিক শান্তিৰ বাবে বৰ্তমান সময়ত আমি এই কিটসমূহ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছো।

তেওঁ লগতে কয়, বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰায় ডেৰ লাখ পি পি ই কিট মজুত আছে। গতিকে এই সময়খিনিত আমি এই কিটখিনিৰেই কাম চলাব পাৰিম। যদিহে অনাগত সময়ত আমাৰ পি পি কিটৰ অভাৱ হয়, তেতিয়া পৰীক্ষা কৰি এই পি পি কিট সমূহ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিম। বৰ্তমান চীনৰ পৰা অহা এই কিটসমূহ পৃথককৈ অন্য গুদামত ৰখাৰ লগতে এই কিট সমূহৰ বাবদ বিলো আদায় নিদিয়াৰ কথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

তেওঁ লগতে কয়, বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰায় ডেৰ লাখ পি পি ই কিট মজুত আছে। গতিকে এই সময়খিনিত আমি এই কিটখিনিৰেই কাম চলাব পাৰিম। যদিহে অনাগত সময়ত আমাৰ PPE কিটৰ অভাৱ হয়, তেতিয়া পৰীক্ষা কৰি এই পি পি কিট সমূহ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিম।

উল্লেখযোগ্য যে, যোৱা ১৫ এপ্ৰিলত দেশৰ ভিতৰত প্ৰথম ৰাজ্য অসমে পোনে পোনে চীনৰ পৰা লাভ কৰিছিল ৫০হাজাৰ পিপিই কিট। চীনৰ পৰা অসমলৈ ‍বিশেষ বিমানযোগে অনা হৈছিল এই ৫০ হাজাৰ পি পি ই কিট। চীনৰ গুৱাংঝাওৰ পৰা অনা হৈছিল এই কিটসমূহ।
Published by:Tulika Devi
First published: