হাজোৰ হালোগাঁৱৰ মা কালী আত্মসহায়ক গোটৰ লি ফুলৰ খেতি অচিন পোকৰ আক্ৰমণ।
হাজোৰ হালোগাঁৱৰ মা কালী আত্মসহায়ক গোটৰ লি ফুলৰ খেতি অচিন পোকৰ আক্ৰমণ।
কোভিড মহামাৰীয়ে ৰাজ্যৰ কৃষকৰ কঁকাল ভাঙি দিয়াৰ সময়তে এইবাৰ শস্যত অচিন পোকৰ আক্ৰমণে একাংশ কৃষকক জুৰুলা কৰিছে।
কোৰোণাই কালৰূপ ধাৰণ কৰা সময়তে হাজোৰ হালোগাঁৱৰ একাংশ মহিলাই পাঁচ বিঘা মাটিত বেলি ফুলৰ খেতি কৰি স্বাৱলম্বৰ পথ বাছি লৈছিল। যিটো অন্য মহিলাৰ বাবেও আছিল এক আশাৰ বতৰা।
তীৰ্থনগৰী হাজোৰ হালোগাঁৱৰ মা কালী আত্মসহায়ক গোটৰ বাৰ গৰাকী মহিলাই ব্ৰহ্মপুত্ৰৰ বালিচৰত পোন প্ৰথমবাৰৰ বাবে এই খেতিডৰা আৰম্ভ কৰিছিল। চালে চকুৰোৱা এক হালধীয়া দলিচাই যেন সকলোকে মোহিত কৰিছিল।
কিন্তু শেহতীয়াকৈ এক অচিন পোকে খেতিডৰা তচ-নচ কৰাত বিবুধিত পৰিছে মহিলাসকল। কনকলতা আঁচনিৰ পঞ্চাশ হাজাৰ টকা ব্যায় কৰি খেতিডৰা কৰিবলৈ আগবাঢ়ি অহা মহিলাসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই ক্ষেত্ৰত ৰামদিয়া কৃষি চক্ৰৰ কৃষি বিষয়াই কোনো ধৰণৰ ইতিবাচক সহাঁৰি নিদিয়াৰ অভিযোগ কৰিছে মহিলাসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|