সঁচাকৈ এগৰাকী মাতৃৰ বাবে সকলো শিশুৱেই সমান! কোনো শিশুৰেই দুখ কষ্ট কেতিয়াও চাব নোৱাৰে কোনো মাতৃয়ে। কৰ্তব্যৰ সময়তে বহু মহিলাই পালন কৰি অহা দেখা যায় মাকৰ ভুমিকা। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিশেষ ফটো। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো শ্বেয়াৰ কৰিছে সেই বিশেষ ফটোখন।
চলি আছে অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে শাৰীৰিক দক্ষতাৰ পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত। পৰীক্ষাত অৱতীৰ্ণ হৈছে বহু বিবাহিত তথা সন্তান থকা মহিলাও। এনেসময়তে এগৰাকী প্ৰাৰ্থীৰ পৰীক্ষাৰ সময়ত তেওঁৰ সন্তানক চোৱাচিতাৰ দায়িত্ব পালন কৰি এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে এগৰাকী মহিলা আৰক্ষী কনিষ্টবল।
মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম স্বপ্না ৰাভা। চিৰাং জিলাত কৰ্মৰত স্বপ্না ৰাভা। শাৰীৰিক পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা এগৰাকী প্ৰাৰ্থীৰ কণমানি সন্তানক কোঁচত লৈ চোৱাচিতাৰ দায়িত্ব পালন কৰিলে মহিলা কনিষ্টবলগৰাকীয়ে।
WPC Sapna Rabha holding and looking after a cute angel, as the baby's mother participated in Physical Efficiency Test of @assampolice recruitment drive for constables, in Chirang.