உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অভিনেত্ৰীক উদ্দেশ্যি অশালীন মন্তব্য! জুবিনৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ

    অভিনেত্ৰীক উদ্দেশ্যি অশালীন মন্তব্য! জুবিনৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ

    এই অনুষ্ঠানত বলীউদৰ অভিনেত্ৰী মালাইকা আৰোৰাৰ লগতে প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়াকে ধৰি অসমীয়া ছবি জগতৰ প্ৰায় সকলো শিল্পী উপস্থিত আছিল।

    • Share this:
    যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ। এটা ব্যক্তিগত টিভি চেনেলৰ এক এৱাৰ্ড শ্ব’ত অভিনেত্ৰী নিশিতা গোস্বামীক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগ জুবিনৰ বিৰুদ্ধে। ইতিমধ্যে জুবিনৰ এই মন্তব্যৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে বিভিন্নজনে সমালোচনাও কৰা দেখা গৈছে।

    আছাম ট্ৰিবিউনত প্ৰকাশিত বাতৰি অনুসৰি, মহিলা আয়োগে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰযোগে জুবিনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

    বিভিন্ন সময়ত নিজৰ মন্তব্যৰ বাবে প্ৰায়ে বিতৰ্কত সাঙোৰ খাই পৰে জুবিন গাৰ্গ। এইবাৰো এটা ব্যক্তিগত টিভি চেনেলৰ এক এৱাৰ্ড শ্ব’ত মঞ্চতে অভিনেত্ৰী নিশিতা গোস্বামীক লৈ শ্ৰুতিকটু মন্তব্য কৰা দেখা গ’ল জুবিনক। এখন অসমীয়া ছবিত অভিনয়ৰ উদ্ধৃতি দি জুবিনে নিশিতাক লৈ কয়, ‘গোটেই চিনেমাখনত মই তাইৰ –––টোৱে দেখা পালো। তাই খোজ কাঢ়ি গৈ থাকে, মই চাই থাকো...।’

    এই অনুষ্ঠানত বলীউদৰ অভিনেত্ৰী মালাইকা আৰোৰাৰ লগতে প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়াকে ধৰি অসমীয়া ছবি জগতৰ প্ৰায় সকলো শিল্পী উপস্থিত আছিল।

    জুবিনৰ এই মন্তব্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। শিল্পীজনৰ এই মন্তব্যক সমালোচনা কৰিছে বিভিন্নজনে। বিভিন্নজনে মন্তব্য কৰিছে যে এয়া এগৰাকী নাৰীক ৰাজহুৱা মঞ্চত চূড়ান্ত অপমান। অৱশ্যে মঞ্চত জুবিনৰ এই মন্তব্যক অভিনেত্ৰীগৰাকীয়ে ধেমালি হিচাপে লোৱা দেখা গৈছিল।

    এই অনুষ্ঠানতে LGBTQ অধিকাৰ কৰ্মী মিলিন দত্তকো জুবিনে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। জুবিনে তেওঁক মঞ্চত এটা বাক্যও ক’বলৈ নিদিয়াৰ অভিযোগ।
    Published by:Sanjay Kumar Das
    First published: