• Home
  • »
  • News
  • »
  • assam
  • »
  • Russia Ukraine Crisis : ৰাছিয়া–ইউক্ৰেইনৰ সংঘাতক লৈ চিন্তিত অসমৰ এগৰাকী বোৱাৰী, কিহৰ বাবে পেটলৈ ভাত নোযোৱা হৈছে বোৱাৰীগৰাকীৰ?

Russia Ukraine Crisis : ৰাছিয়া–ইউক্ৰেইনৰ সংঘাতক লৈ চিন্তিত অসমৰ এগৰাকী বোৱাৰী, কিহৰ বাবে পেটলৈ ভাত নোযোৱা হৈছে বোৱাৰীগৰাকীৰ?

স্থানীয় ছফিউৰ ৰহমানৰ পত্নী ডা° এনান্থীচিয়া ৰহমানে ইউক্ৰেইনত থকা আপোনজনক লৈ অতিশয় চিন্তিত হৈ পৰিছে৷

স্থানীয় ছফিউৰ ৰহমানৰ পত্নী ডা° এনান্থীচিয়া ৰহমানে ইউক্ৰেইনত থকা আপোনজনক লৈ অতিশয় চিন্তিত হৈ পৰিছে৷

স্থানীয় ছফিউৰ ৰহমানৰ পত্নী ডা° এনান্থীচিয়া ৰহমানে ইউক্ৰেইনত থকা আপোনজনক লৈ অতিশয় চিন্তিত হৈ পৰিছে৷

  • Share this:
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধসদৃশ পৰিৱেশে লৈ বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধংদেহী পৰিৱেশৰ ফলত চিৰাঙত উদ্বেগজনক পৰিৱেশত দিন কটাইছে চিৰাঙৰ এগৰাকী বোৱাৰীয়ে৷ প্ৰায় চাৰি বছৰ পূৰ্বে চিৰাঙৰ ছাতিপুৰলৈ বিয়া হৈ অহা ইউক্ৰেইনৰ জীয়ৰী এগৰাকীয়ে নিজ পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গৰ কথা ভাবি চিন্তিত হৈ পৰিছে৷ স্থানীয় ছফিউৰ ৰহমানৰ পত্নী ডা° এনান্থীচিয়া ৰহমানে ইউক্ৰেইনত থকা আপোনজনক লৈ অতিশয় চিন্তিত হৈ পৰিছে৷

এনান্থীচিয়াই নিতৌ ফোন কৰি পৰিয়ালৰ খা–খবৰ লোৱা পৰিলক্ষিত হৈছে৷ সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশ বিৰাজ কৰাৰ সময়তে ইউক্ৰেইনৰ সীমান্তৱৰ্তী কিছু এলেকা ৰাছিয়ান সেনাই দখল কৰি সন্ত্ৰাস চলাই আছে। নিতৌ পৰিয়ালৰ সৈতে ডা° এনান্থীচিয়াই যোগাযোগ অব্যাহত ৰাখিলেও পৰিয়ালৰ সকলোৱে ভয় আৰু শংকাৰ  মাজত দিন কটোৱা বুলি জানিবলৈ দিছে৷ অৱশ্য ইউক্ৰেইনৰ দূতাৱাসাৰ পৰা থকা নিষেধাজ্ঞাৰ বাবে বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকিলেও অতি শীঘ্ৰে দেশখনত শান্তিৰ পৰিৱেশ উভতি অহাটো কামনা কৰিছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি