অসম আৰক্ষীৰ মহিলা কনিষ্টবল (Woman Constable, Assam Police)ৰ মাতৃস্নেহ তথা মহনুভৱতা দেখি প্ৰশংসাৰে উপচাই তুলিছে ছচিয়েল মিডিয়াত। এইগৰাকী মহিলা আৰক্ষীয়ে কৰ্তব্যৰ মাজতে আন এগৰাকী মহিলাৰ কেঁচুৱা ৰখি দেখুৱালে মাতৃস্নেহৰ নিদৰ্শন। সদ্য অনুষ্ঠিত টেট পৰীক্ষাৰ সময়ত ঘটিছিল এই ঘটনা। টেট পৰীক্ষা (Teacher Eligibilty Test (TET)) দিবলৈ অহা এগৰাকী পৰীক্ষাৰ্থী মাতৃৰ কেঁচুৱা নিজৰ কোলাত লৈ নিচুকাই থাকিল পৰীক্ষা শেষ নোহোৱালৈ। কেঁচুৱাটিৰ মাতৃয়ে টেট পৰীক্ষা দি থকা সময়ত এনেদৰেই মহিলা আৰক্ষীগৰাকীয়ে কেঁচুৱাটিক লৈ আছিল। কাৰ্বি আংলঙৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টেট পৰীক্ষা কেন্দ্ৰ (TET EXAMINATION CENTRE)ত এই প্ৰশংসনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে।
এই মহিলা আৰক্ষীগৰাকীৰ নাম হৈছে কাচে বেপী (Kache Beypi)। কাচে বেপীৰ এনে মাতৃস্নেহৰ ফটো শ্বেয়াৰ কৰিছে বোকাজানৰ বিজেপি বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে (Dr Numal Momin)। টুইটাৰত ফটোখন শ্বেয়াৰ কৰি নোমল মমিনে লিখিছে, “মই এইগৰাকী মহিলা আৰক্ষী মহাশয়া কাচে বেপীক চেল্যুট জনাইছোঁ যিগৰাকীয়ে টেট পৰীক্ষাৰ সময়ত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টেট পৰীক্ষা কেন্দ্ৰত এগৰাকী মহিলা পৰীক্ষাৰ্থী কেঁচুৱাটিৰ যত্ন লৈছিল। মানবীয় কাৰ্য সদায় কাম্য। বৰ্তমান সময়ৰ আকাংক্ষিত বাৰ্তা।”
Published by: Manjumoni Borah
FIRST PUBLISHED : November 02, 2021, 10:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।