• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থান অসমৰ ! শীর্ষত মেঘালয়, মিজোৰাম...

কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থান অসমৰ ! শীর্ষত মেঘালয়, মিজোৰাম...

অসমত পৰিচালক তথা ব্যৱস্থাপকৰ (Managerial) স্থানত মাথোঁ ৬.২ শতাংশ মহিলা নিয়োজিত হৈ আছে । অর্থাৎ প্ৰতি ১০০জন মেনেজাৰৰ ভিতৰত মাথোঁ ৬.২গৰাকী মহিলা কৰ্মৰত । এই পৰিসংখ্যা সমগ্ৰ দেশতে সৰ্বনিম্ন ।

  • Share this:
অসমত কৰ্মক্ষেত্ৰত নাৰীৰ সম অধিকাৰ সাব্যস্ত নোহোৱাৰ তথ্য এইবাৰ পোহৰলৈ আনিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰে । অসমত পৰিচালক তথা ব্যৱস্থাপকৰ (Managerial) স্থানত মাথোঁ ৬.২ শতাংশ মহিলা নিয়োজিত হৈ আছে । অর্থাৎ প্ৰতি ১০০জন মেনেজাৰৰ ভিতৰত মাথোঁ ৬.২গৰাকী মহিলা কৰ্মৰত । এই পৰিসংখ্যা সমগ্ৰ দেশতে সৰ্বনিম্ন । অসমতকৈ ওপৰত আছে হাৰিয়ানা আৰু দিল্লী । হাৰিয়ানা উচ্চ-কৰ্মক্ষেত্ৰত মহিলাৰ প্ৰত্যক্ষ অংশগ্ৰহণ ৭.৫শতাংশ আৰু দিল্লীত ৭.৯শতাংশ ।

এই তালিকাত শীর্ষ স্থান দখল কৰিছে চুবুৰীয়া মেঘালয়ে । মেঘালয়ত ৩৪.১শতাংশ মহিলা ‘Managerial Position'ত নিয়োজিত । মেঘালয়ৰ পিছতে আছে ৩৩.৫শতাংশৰে ছিক্কিম আৰু তাৰ পিছত আছে ৩৩.৩শতাংশৰে মিজোৰাম । সদ্য প্ৰকাশিত Periodic Labour Force Surveyৰ ২০১৯ - ২০২০বর্ষৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । National Statistical Organizationএ প্রকাশ কৰিছে এই প্ৰতিবেদন ।

অন্যহাতেদি আইন প্ৰণেতা (Legislator), জেষ্ঠ বিষয়া আৰু প্ৰৱন্ধকৰ কামত নিয়োজিত মহিলাৰ সংখ্যাও পুৰুষৰ অনুপাতে শোচনীয় অসমত । এই সূচাংকতো অসমৰ স্থান দেশৰ ভিতৰতে সৰ্বনিম্ন । এইধৰণৰ কামবোৰত অসমত পুৰুষৰ অনুপাতে মাত্ৰ ৬.২শতাংশ মহিলা নিয়োজিত । ৭.৭শতাংশৰে অসমতকৈ ওপৰত আছে হাৰিয়ানা । দেশৰ ৰাজধানী দিল্লীত এই পৰিসংখ্যা ৯.২শতাংশ ।
Published by:Kokil Sarma
First published: