உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিচেই কম সময়ত কইনাৰ মেকআপ কৰি INDIA BOOK OF RECORDত নাম সন্নিৱিষ্ট কৰিলে অসমৰ মহিলাই

    নিচেই কম সময়ত কইনাৰ মেকআপ কৰি INDIA BOOK OF RECORDত নাম সন্নিৱিষ্ট কৰিলে অসমৰ মহিলাই

    দিল্লীত অনুষ্ঠিত হোৱা  INDIA BOOK OF RECORDS 2022 ত অনলাইনযোগে অংশগ্ৰহণ কৰিছিল

    দিল্লীত অনুষ্ঠিত হোৱা  INDIA BOOK OF RECORDS 2022 ত অনলাইনযোগে অংশগ্ৰহণ কৰিছিল

    দিল্লীত অনুষ্ঠিত হোৱা  INDIA BOOK OF RECORDS 2022 ত অনলাইনযোগে অংশগ্ৰহণ কৰিছিল

    • Share this:
    অতি কম সময়তে কইনাৰ মেক কৰি INDIA BOOK OF RECORDত নাম সন্নিৱিষ্ট কৰিলে  আজাৰাৰ গীতালি দাস নামৰ এগৰাকী অসমীয়া মহিলাই ।  গীতালী দাসে আজাৰাৰ লগতে ৰাজ্যলৈ  কঢ়িয়াই আনিছে গৌৰৱ।  গীতালি দাসে প্ৰায় ১৩ মিনিট ৪৫ ছেকেণ্ডৰ ভিতৰত এগৰাকী আজাৰাৰে   যুৱতীক কইনাৰ সাজত মেককাপ (Makeup) কৰি উলিয়াই দিবলৈ সক্ষম হয়।

    দিল্লীত অনুষ্ঠিত হোৱা  INDIA BOOK OF RECORDS 2022 ত অনলাইনযোগে অংশগ্ৰহণ কৰিছিল এই গৰাকী মহিলাই । জানিব পৰা মতে, তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমবাসীৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

    এই গৰাকী মেকআপ শিল্পীয়ে (Makeup Artist) ৰাজ্যত বহুকেইটা মেকআপ প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ লক্ষ্য গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰাৰ। অহা বছৰ তেওঁ গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে প্ৰস্তুতি চলাই থকা  বুলি জানিবলৈ দিয়ে।
    Published by:Gautam Barman
    First published: