কৰ্মৰ সন্ধানত যোৱা অসমৰ মহিলাক চৌদি আৰৱত অকথ্য নিৰ্যাতন, মালিক পক্ষৰ অমানুসিক অত্যাচাৰৰ কাৰণে কি?

মহিলা গৰাকীক ঘৰলৈ উভতাই অনাৰ লগতে নিৰ্যাতন চলোৱা লোককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰ আৰু চৌদি আৰৱৰ চৰকাৰৰ ওচৰত দাবী জনাইছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাওঁবাসীয়ে ৷
মহিলা গৰাকীক ঘৰলৈ উভতাই অনাৰ লগতে নিৰ্যাতন চলোৱা লোককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰ আৰু চৌদি আৰৱৰ চৰকাৰৰ ওচৰত দাবী জনাইছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাওঁবাসীয়ে ৷
- News18 Assam
- Last Updated: July 20, 2020, 4:35 PM IST
যি সময়ত কোৰোণাৰ আতংকই সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছে তেনে সময়তে হোজাই জিলাৰ ডবকাৰ এগৰাকী মহিলা চৌদি আৰবত কৰ্মৰত অৱস্থাত মালিক পক্ষৰ দ্বাৰা অকথ্য নিৰ্যাতনৰ বলি হোৱাৰ এক তথ্য পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ডবকাৰ পশ্চিম বগুৰী বাদেশ্বৰী গাৱৰ হালিমা খাতুন নামৰ মহিলা গৰাকী আজিৰ পৰা ছয় মাহ মান পূৰ্বে কৰ্মসূত্ৰে চৌদি আৰবলৈ গৈছিল ৷ তাত যোৱাৰ পাছৰে পৰাই চৌদি আৰবত যি ঘৰ লোকৰ ঘৰত মহিলা গৰাকীয়ে কাম কৰি আছে সেই ঘৰৰ মালিক কৰ্তৃপক্ষই মহিলা গৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মহিলা গৰাকীয়ে ৷ সামান্য কথাতে চৌদি মালিক পক্ষই মহিলা গৰাকীক শাৰিৰীক ভাবে প্ৰহাৰ কৰাৰ ওপৰিউ দিনৰ দিনটো ভোকে লঘোণে থাকিবলৈ দিয়াৰ অভিযোগ কৰিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷

মহিলা গৰাকীৰ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰৰ খচৰুল ইছলাম নামৰ যুৱকজনে প্ৰলোভেনেৰে মহিলা গৰাকীক চৌদি আৰবলৈ নিয়ে ৷ তাত থকা আৰবী লোক এজনৰ ঘৰত বনুৱা হিচাপে কামত সোমোৱাই দিয়ে ৷
কামত সোমোৱাৰ পাছতেই মহিলা গৰাকীক সামান্য কথাৰ অজুহাতত আৰবী মালিক পক্ষই মহিলা গৰাকীৰ ওপৰত চলায় অকথ্য নিৰ্যাতন ৷ আনকি মহিলা গৰাকীয়ে পোৱা দৰমহাৰ টকাখিনিও দালাল স্বৰূপ খচৰুলে কৌশলেৰে হস্তগত কৰি আত্মসাৎ কৰে ৷
যোৱা পাঁচদিন মান পূৰ্বে মহিলা গৰাকীৰ একমাত্ৰ ১৬ বছৰীয়া ডেকা পুত্ৰই মৃত্যুবৰণ কৰে ৷ ইয়াৰ পাছত মহিলা গৰাকীয়ে খচৰুল আৰু আৰবী মালিক কৰ্তৃপক্ষক পুত্ৰৰ মৃত্যুৰ কথা কোৱাৰ লগতে ঘৰলৈ ওভতি অহাৰ কথা কয় ৷
সম্প্ৰতি মহিলা গৰাকীক ঘৰলৈ উভতাই অনাৰ লগতে নিৰ্যাতন চলোৱা লোককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰ আৰু চৌদি আৰৱৰ চৰকাৰৰ ওচৰত দাবী জনাইছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাওঁবাসীয়ে ৷