মুখ্যপৃষ্ঠা »খবৰ »অসম »গ্ৰেপ্তাৰ হ'ব নেকি ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস? কংগ্ৰেছ নেতাক অক্ৰমণৰ ঘটনা।

গ্ৰেপ্তাৰ হ'ব নেকি ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস? কংগ্ৰেছ নেতাক অক্ৰমণৰ ঘটনা।

 শনিবাৰে নিশা প্ৰায় ১০বজাত কংগ্ৰেছ নেতা দ্বীপ দাসৰ ওপৰত হৈছিল আক্ৰমণ। বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰি ফেচবুক পোষ্ট দিছিল দ্বীপ দাসে।

শনিবাৰে নিশা প্ৰায় ১০বজাত কংগ্ৰেছ নেতা দ্বীপ দাসৰ ওপৰত হৈছিল আক্ৰমণ। বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰি ফেচবুক পোষ্ট দিছিল দ্বীপ দাসে।

শনিবাৰে নিশা প্ৰায় ১০বজাত কংগ্ৰেছ নেতা দ্বীপ দাসৰ ওপৰত হৈছিল আক্ৰমণ। বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰি ফেচবুক পোষ্ট দিছিল দ্বীপ দাসে।

  • Share this:
এটা ফেচবুক পোষ্টৰ বাবেই আক্ৰমণ কৰা হৈছিল নেকি ৰহাৰ কংগ্ৰেছ নেতা তথা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দ্বীপ দাসক?  ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১০বজাত কংগ্ৰেছ নেতা দ্বীপ দাসৰ ঘৰত তিনিখন গাড়ীত অহা একাংশ কংগ্ৰেছীয়ে দ্বীপ দাসক ঘৰৰ পৰা বাহিৰলৈ মাতি নি লোহাৰ ৰডেৰে প্ৰহাৰ কৰি তাৰ পৰা আতৰি যায়। ইয়াৰ পাছতে মূৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱা দ্বীপ দাসক প্ৰথমে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ইয়াৰ পাছতে পৰিয়ালৰ লোকে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

আনহাতে, আহত কংগ্ৰেছ নেতা দ্বীপ দাসে সংবাদ মাধ্যমক জনোৱা অনুসৰি,  শনিবাৰে নিশা গুৰুত্বপূৰ্ণ আলোচনা আছে বুলি কৈ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে তেঁওক ঘৰৰ পৰা বাহিৰলৈ মাতি নিয়ে। ইয়াৰ পাছতে শশীকান্ত দাসে তেওঁক নিৰ্বাচনত ভালদৰে কিয় সহযোগ নকৰিলে বুলি ধমকি দিয়ে।

বিধায়ক গৰাকীৰ লগত কথা পাতি থাকোতেই হঠাৎ পিছফালৰ পৰা তেঁওৰ এজন সমৰ্থকে ৰডেৰে মূৰত প্ৰহাৰ কৰে। বিধায়ক গৰাকীৰ নিৰ্দেশত তেঁওৰ সমৰ্থকসকলে দ্বীপ দাসক উপৰ্যুপৰি প্ৰহাৰ কৰে।

ঘটনাৰ পাছতে নগাঁও আৰক্ষীয়ে আক্ৰমণত জড়িত থকাৰ সন্দেহত ৫জন কংগ্ৰেছ নেতাক আটক কৰিছে যদিও পৰিয়ালৰ লোকে শীঘ্ৰে মূল অভিযুক্ত বিধায়ক শশীকান্ত দাসক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে।

দ্বীপ দাসে ফেচবুক পোষ্টৰ জৰিয়তে বিধায়ক শশীকান্ত দাসে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ প্ৰতিশোধকল্পেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

অৱশ্যে বিধায়ক শশীকান্ত দাসে এই অভিযোগক অস্বীকাৰ কৰাৰ লগতে এনে আক্ৰমণৰ ঘটনাক গৰিহণা দিছে।

শেহতীয়া বাতৰি