News18 AssamNews18 Assam
|
News18-Assam Updated:January 10, 2021, 8:00 PM IST
নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ভাল খবৰ লাভ কৰিব ৰাজ্যবাসীয়ে। যোৰহাটত দেওবাৰে এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ভাল খবৰ লাভ কৰিব ৰাজ্যবাসীয়ে। যোৰহাটত দেওবাৰে এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ভাল খবৰ লাভ কৰিব ৰাজ্যবাসীয়ে। যোৰহাটত দেওবাৰে এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। অহা ২৬ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত বহুকেইটা ভাল খবৰ ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা অসমবাসীয়ে লাভ কৰিব বুলি হিমন্ত বিশ্বশৰ্মাই জানিবলৈ দিয়ে ।
- অসমত স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্র ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰিব ১৫০০ টকাকৈ। চৰকাৰে কিতাপ ক্ৰয় কৰিবলৈ দিবলগীয়া এই ধনৰাশি অচিৰেই সোমাব ছাত্ৰ-ছাত্ৰীসকলৰ একাউণ্টত।
- ৰাজ্যত হ’বলগীয়া কেইবাহাজাৰ নিযুক্তিৰ খবৰো জনালে মন্ত্ৰীগৰাকীয়ে। অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত প্ৰায় ১৬ হাজাৰ লোকক দিয়া হ’ব নতুনকৈ নিযুক্তি।
- ৰাজ্যৰ শিক্ষকসকললৈয়ো আছে সুখবৰ। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰায় ২০ হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশীকিকৰণ কৰা হ’ব।
- অচিৰেই মাইক্ৰফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা মহিলাসকল এনে হাৰশাস্তিৰ পৰা ৰক্ষা পৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এই বিলখনত ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হ’ব আৰু তাৰ পিছৰে পৰা একাংশ মাইক্ৰফাইনেঞ্চ কোম্পানীৰ উদ্ভণ্ডালি ৰোধ কৰিব পৰা যাব ।
Published by:
Himangshu Bhuyan
First published:
January 10, 2021, 8:00 PM IST