শীঘ্ৰে অসমলৈ আহিব কোৰোণা প্ৰতিৰোধী ঔষধ। যথেষ্ট ব্যয় বহুল এই ঔষধ সমূহ এতিয়া ক’লা বজাৰত বিক্ৰী হৈছে। ভাৰতত কোৰোণা প্ৰতিৰোধী ঔষধৰ নাটনি হোৱাৰ বাবে এতিয়া অসমত কমকৈ যোগান ধৰিছে কোম্পানী সমূহে। এই ঔষধ সমূহ কেনেদৰে যোগাৰ কৰিব, সেই সন্দৰ্ভত সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ সৈতে বৈঠকত মিলিত হয়।
![]()
পিছত সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী শৰ্মাই কয় যে,‘ যোৱা ১ জুলাইৰ পৰা সাধাৰণ লক্ষণযুক্ত যিবোৰ কোৰোণা কেচ আছিল, সেইবোৰৰ এতিয়া পৰিৱৰ্তন হৈছে। গুৰুতৰ লক্ষণযুক্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমান ৪০ জন কোৰোণা ৰোগী আই চি ইউত আছে। আনহাতে সাধাৰণ ৱাৰ্ডত থকা ৩০ জন কোৰোণাত আক্ৰান্তৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ। সেইসকলক কেনেদৰে চিকিৎসা কৰিব পাৰি,তাকে লৈ আজি আলোচনা কৰা হৈছে।’
এতিয়াৰে পৰা জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে প্ৰতিদিনে ৫ বজাৰ পৰা ৬.৩০ বজালৈ বৈঠকত বহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । প্ৰতিজন ৰোগীক কেনেকৈ চিকিৎসা কৰিব পাৰি, তাৰ বিষয়ে আলোচনা কৰা হ'ব বৈঠকত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|